তৃতীয় পৰ্বত হেভীৱেইট প্ৰাৰ্থী কোন কোন?
মঙলবাৰে দেশত তৃতীয় পৰ্বৰ ভোটগ্ৰহণ। পুৱা ৭ বজাৰ পৰা সন্ধিয়া ৫ বজালৈ দেশৰ ৯৩টা সমষ্টিত হ’ব ভোটগ্ৰহণ। দেশৰ লোকসভা নিৰ্বাচনৰ দুটা পৰ্যায়ৰ ভোটগ্ৰহণ সুকলমে সম্পন্ন হোৱাৰ পিছত মঙলবাৰে তৃতীয় পৰ্বৰ ভোটগ্ৰহণ। দেশৰ ১০ ৰাজ্য আৰু এক কেন্দ্ৰীয়শাসিত অঞ্চলৰ ৯২টা সমষ্টিত মঙলবাৰে ভোট। অসমৰ ৪ সমষ্টিকে ধৰি এই ৯২ সমষ্টিত EVMত বন্দী হ’ব ১৩৩০ প্ৰাৰ্থীৰ ভাগ্য। গুজৰাটৰ ২৬ লোকসভা সমষ্টিৰ ২৫টাত হ’ব ভোট, ছুৰাট সমষ্টিত বিজেপি প্ৰাৰ্থী বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়ী হোৱাতো ইতিমধ্যে নিশ্চিত হৈছে। ভোট হ’বলগীয়া ৰাজ্য আৰু সমষ্টিৰ সংখ্যা এনেধৰণৰ- অসম ৪, গুজৰাট ২৫, পশ্চিমবংগ ৪,উত্তৰপ্ৰদেশ ১০,মহাৰাষ্ট্র ১১,মধ্যপ্ৰদেশ ৯,কৰ্ণাটক ১৪,ছত্তিশগড় ৭,বিহাৰ ৫,গোৱা ২,দাদৰা আৰু নগৰ হাভেলী আৰু দমন ডিউৰ ২ সমষ্টিত হ’ব ভোটগ্ৰহণ। তৃতীয় পৰ্বত জম্মু-কাশ্মীৰৰ অনন্তনাগ-ৰাজৌৰী সমষ্টিতো ভোট হ’বলগীয়া আছিল যদিও সমষ্টিটোত যাতায়াত আৰু বতৰৰ প্ৰতিকূলতাৰ প্ৰতি লক্ষ্য ৰাখি ২৫ মে’তহে ভোটগ্ৰহণৰ সিদ্ধান্ত লয় নিৰ্বাচন আয়োগে। মঙলবাৰৰ ভোটগ্ৰহণত গুজৰাটৰ গান্ধীনগৰত প্ৰাৰ্থী অমিত শ্বাহ। ২০১৯ত কংগ্ৰেছ প্ৰাৰ্থীক ধৰাশায়ী কৰা অমিত শ্বাহৰ বিৰুদ্ধে এইবাৰ মূল প্ৰতিদ্বন্দ্বী কংগ্ৰেছৰ সোণাল পেটেল। তৃতীয় পৰ্বৰ আন কেইজনমান হেভীৱেইট প্ৰাৰ্থী হ’ল মধ্যপ্ৰদেশৰ গুণা সমষ্টিত জ্যোতিৰাদিত্য সিন্ধিয়া,মধ্যপ্ৰদেশৰ বিদিশা সমষ্টিত বিজেপিৰ শিৱৰাজ সিং চৌহান,মধ্যপ্ৰদেশৰ ৰাজগড় সমষ্টিত শেষবাৰলৈ যুঁজিব কংগ্ৰেছৰ দিগ্বিজয় সিং,উত্তৰপ্ৰদেশৰ মৈনপুৰীত SPৰ প্ৰাৰ্থী অখিলেখ যাদৱৰ পত্নী ডিম্পল যাদৱ,মহাৰাষ্ট্রৰ বাৰামতিত NCPৰ শাৰদ পাৱাৰৰ কন্যা সুপ্ৰিয়া ছুলে,পশ্চিমবংগৰ বহাৰামপুৰত কংগ্ৰেছ প্ৰাৰ্থী বিৰোধী দলপতি অধীৰ ৰঞ্জন চৌধুৰী। vমঙলবাৰে পুৱা ৭ বজাৰ পৰা সন্ধিয়া ৫ বজাৰ ভিতৰত ভোটগ্ৰহণ হ’বলগীয়া ৯২ সমষ্টিত পৰ্যাপ্ত ব্যৱস্থা আৰু নিৰাপত্তা নিশ্চিত কৰি তুলিছে নিৰ্বাচন আয়োগে।
