মঙলবাৰে ক'ত ক'ত বৰষুণ হ'ব? ভোটাৰৰ উচাহত পৰিব নেকি পানী?

তৃতীয় পৰ্য্যায়ৰ ভোটৰ দিনা অৰ্থাৎ মঙলবাৰে ভোটাৰৰ উচাহত পানী ঢালিব পাৰে বৰুণ দেৱতাই। কাইলৈ গুৱাহাটীকে ধৰি পশ্চিম আৰু দক্ষিণ অসমৰ কিছু কিছু ঠাইত ধাৰাসাৰ বৰষুণৰ আগলি বতৰা দিছে বতৰ বিজ্ঞান কেন্দ্ৰই। ঠায়ে ঠায়ে মজলীয়া বৰষুণ হোৱাৰো সম্ভাৱনা আছে। সাগৰপৃষ্ঠত উৎপত্তি হোৱা ধুমুহাৰ ফলত উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যত বৰষুণৰ পৰিমাণ বৃদ্ধি পাইছে। গুৱাহাটী, ধুবুৰী, গোৱালপাৰা, কৰিমগঞ্জ, কাছাৰ হাইলাকান্দি আদিত ধাৰাসাৰ বৰষুণৰ সম্ভাৱনা প্ৰবল। ৰাজ্যত লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণ হ'বলগীয়া চাৰিওটা সমষ্টিতে বৰষুণৰ আগলি বতৰাই ভোটদানৰ হাৰ হ্ৰাস কৰাৰ শংকাইদেখা দিছে। বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই সদৰি কৰা অনুসৰি গোৱালাপাৰা, ধুবুৰী আদি অঞ্চলত বৰষুণৰ লগতে বিজুলী ঢেৰেকনি অহাৰো সম্ভাৱনা আছে । একেদৰে বজালী, নলবাৰী, কামৰূপতো আদিতো বিজুলী ঢেৰেকনিৰে বৰষুণৰ অহাৰ সম্ভাৱনা।