ৰাজহুৱা হ’ল মোডীৰ ফোন নম্বৰ, ইমেইল

নিৰ্বাচনী শপতনামাত ম’বাইল ফোন নম্বৰ আৰু ইমেইল এড্ৰেছ ৰাজহুৱা কৰিছে বিজেপি দলৰ বাৰাণসীৰ প্ৰাৰ্থী, প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে৷ শপতনামাত উল্লেখ আছে "My contact telephone number is 8980809224, and my e-mail ID narendramodi@narendramodi.in" তাত উল্লেখ কৰা মতে মোডীৰ শিক্ষাগত অৰ্হতা হৈছে স্নাতকোত্তৰ৷ তেওঁ ১৯৭৮ চনত দিল্লী বিশ্ববিদ্যালয়ৰ পৰা বি এ আৰু ১৯৮৩ চনত গুজৰাট বিশ্ববিদ্যালয়ৰ পৰা এম এ ডিগ্ৰী লৈছিল বুলি ঘোষণা কৰা হৈছে৷