ঘৰো নাই, গাড়ীও নাই, মোডীৰ আছে চাৰিটা আঙঠি

চাৰিটা সোণৰ আঙঠি আছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ৷ নিৰ্বাচনী শপতনামাত উল্লেখ কৰা অনুসৰি আঙঠি চাৰিটাত ৪৫ গ্ৰাম সোণ আছে যিখিনিৰ মূল্য হৈছে ২.৬৮ লাখ টকা৷ মোডীৰ সম্পত্তিৰ পৰিমাণ আছে ৩.০২ কোটি টকাৰ৷ তেওঁৰ হাতে জমা আছে ৫২,৯২০ টকা৷ গান্ধীনগৰ আৰু বাৰাণসীত থকা দুটা বেংক একাউণ্টত আছে ৮০,৩০৪ টকা৷ ষ্টেট বেংকত ২ কোটি ৮৫ লাখ টকা ফিক্সড ডিপ’জিট কৰি ৰাখিছে মোডীয়ে৷ নেচনেল চেভিংছ চাৰ্টিফিকেট,এন এচ চি আছে ৯লাখ ১২ হেজাৰ টকাৰ৷ ঘোষণা মতে মোডীৰ নিজাকৈ ঘৰো নাই, গাড়ীও নাই৷