লগুণ খুলি পৰীক্ষা: ভবানীপুৰত বিশ্ববিদ্যালয়ৰ নামভৰ্তি পৰীক্ষা(CUET)ত উদ্ভৎ কাণ্ড

CUET অৰ্থাৎ বিশ্ববিদ্যালয়ত নাম ভৰ্তিৰ বাবে সাধাৰণ প্ৰৱেশ পৰীক্ষা বুধবাৰে অনুষ্ঠিত কৰা হল ৰাজ্যৰ বিভিন্ন শিক্ষানুষ্ঠানৰ লগতে ভবানীপুৰ আঞ্চলিক মহাবিদ্যালয়ত। প্ৰৱেশ পৰীক্ষাত অৱতীৰ্ণ হবলগীয়া পৰীক্ষাৰ্থীক মূল প্ৰৱেশদ্বাৰত তালাচীৰ ব্যৱস্থা কৰা হয় । কিন্তু তালাচীৰ সময়ত এজন ব্ৰাহ্মণ ছাত্ৰই পিন্ধা লগুণকে খুলি পেলালে তালাচীৰ দায়িত্বত থকাসকলে। শেষত মাতৃৰ হাতত লগুণডাল দি পৰীক্ষাত বহিল পৰীক্ষাৰ্থীজন। হাতত পুত্ৰৰ লগুণডাল লৈ পৰীক্ষাহলৰ বাহিৰত বহি থাকিল ছাত্রজনৰ মাতৃ। পাটাছাৰকুছিৰ পৰা ভবানীপুৰলৈ মাতৃৰ সৈতে পৰীক্ষা দিবলৈ যোৱা ছাত্রজনৰ ধৰ্মীয় অনুভূতিত আঘাত দিয়াৰ ঘটনাই সৃষ্টি কৰিছে প্ৰতিক্ৰিয়াৰ। আনহাতে বিষয়টি অস্বীকাৰ কৰিছে ভবানীপুৰ আঞ্চলিক মহাবিদ্যালয়ৰ অধ্যক্ষই। পৰীক্ষাৰ দায়িত্বত অধীক্ষকগৰাকীৰ মতে লগুণ সংলগ্ন আঙুঠিটোহে খুলিবলৈ দিয়া হৈছিল পৰীক্ষাৰ্থী ছাত্ৰজনক।