IPL চাবলৈ আহিলে গাড়ী ক'ত ৰাখিব? কাৰ পাছ আছেনে?

বুধবাৰে ৰাজস্থান ৰয়েলছ আৰু পাঞ্জাৱ কিংছৰ IPL ৰ খেল চাবলৈ অহা দৰ্শকৰ সুবিধাৰ্থে গুৱাহাটীৰ যান বাহন আৰক্ষীয়ে প্ৰায় ১৪০০ বাহনৰ বাবে পাৰ্কিঙৰ ব্যৱস্থা কৰিছে । গাড়ী পাৰ্ক কৰিব পাৰিব চম্পাৱতী ফিল্ড, দতালপাৰা ফিল্ডতো। চম্পাৱতী ফিল্ডৰ পৰা গড়চুক তিনি আলিলৈকে পথৰ এফালে পাৰ্কিং কৰিব পাৰিব। আমবাৰী ৰং পথাৰ ফিল্ড, লুটুমা ফিল্ড, ‍আৰ্য নগৰ ফিল্ড, চাইকেল ফেক্টৰী ফিল্ডতো পাৰ্কিঙৰ ব্যৱস্থা কৰা হৈছে। ফটাশিল আমবাৰীৰ RCTRC ফিল্ডটো পাৰ্কিং কৰিব পাৰিব। দক্ষিন গাওঁ তিনি আলিৰ পৰা NEF কলেজলৈকে পথৰণএফালে পাৰ্কিং কৰিব পাৰিব। মেচৰ ৩ ঘন্টা পূৰ্বে খোলা হ'ব গেট। CAR PASS থকা সকলে ৪ ঘন্টা পূৰ্বে আহি ৪ নং গেটৰ ওচৰৰ ACA ৰ পাৰ্কিঙত গাড়ী পাৰ্ক কৰিব লাগিব।