গুৱাহাটীত আল কায়দা ! দুই বাংলাদেশী সন্ত্ৰাসবাদী গ্ৰেপ্তাৰ

সোমবাৰে অসম আৰক্ষীয়ে এক সফল অভিযান চলাই গুৱাহাটী ৰে’ল ষ্টেচনৰ পৰা দুজন সন্দেহযুক্ত সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ কৰে। আৰক্ষীৰ পৰা পোৱা তথ্য অনুসৰি ধৃত দুয়ো সন্ত্ৰাসবাদী বাংলাদেশৰ নাগৰিক আৰু তেওঁলোকে অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰি গোপনে বাহৰ পাতি আছিল। ধৃত সন্ত্ৰাসবাদী দুটা বিশ্বত্ৰাস সন্ত্ৰাসবাদী সংগঠন আল কায়দাৰ সৈতে জড়িত। তেওঁলোকৰ উদ্দেশ্য আছিল অসমৰ যুৱক-যুৱতীসকলক মৌলবাদী সন্ত্ৰাসবাদৰ প্ৰতি আকৃষ্ট কৰি তোলা। আৰক্ষীয়ে জনোৱা মতে দুয়োটা সন্ত্ৰাসবাদীয়ে বহু যুৱকক উচটনি দিয়াৰ খবৰ পোৱা গৈছিল। অসম আৰক্ষীৰ জালত পৰা সন্ত্ৰাসবাদীকেইটা বাংলাদেশৰ ব্ৰহ্মনবাৰী জিলাৰ বাহাৰ মিঞা (৩০) আৰু নেট্ৰ’কোনা জিলাৰ ৰাছেল মিঞা (৪০) বুলি চিনাক্ত কৰা হৈছে। ভাৰতীয় উপমহাদেশৰ নিষিদ্ধ সন্ত্ৰাসবাদী সংগঠন আল কায়দাৰ সৈতে জড়িত আনছাৰুল্লাহ বাংলা টিম (এবিটি)ৰ সৈতে বাহাৰ আৰু ৰাছেল জড়িত বুলি আৰক্ষীয়ে জানিবলৈ দিছে। অসম আৰক্ষীৰ সূত্ৰমতে এই বাংলাদেশী সন্ত্ৰাসবাদী দুটাই পাছপ’ৰ্ট অবিহনে ভাৰতত প্ৰৱেশ কৰি অবৈধভাৱে ভাৰতত বাস কৰিবলৈ কিছু ভুৱা নথি-পত্ৰ যোগাৰ কৰি লৈছিল। আৰক্ষীয়ে তেওঁলোকৰ পৰা দুখন ভুৱা আধাৰ কাৰ্ডো জব্দ কৰিছে। আন এক সূত্ৰই জনোৱামতে ধৃত সন্ত্ৰাসবাদী দুটা গুজৰাটৰ পৰা ত্ৰিপুৰা অভিমুখে গৈ থকা অৱস্থাত গ্ৰেপ্তাৰ হ'ল বাংলাদেশী সন্ত্ৰাসবাদী দুটা। উল্লেখযোগ্য যে ইছলামিক মৌলবাদী সন্ত্ৰাসবাদী সংগঠনসমূহে ভাৰতত নিজৰ ঘাটি স্থাপনৰ বাবে বিভিন্নধৰণে চেষ্টা চলাই আছে। অন্য দেশৰ সন্ত্ৰাসবাদীয়ে অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰি দেশৰ শান্তি বিঘ্নিত কৰিবলৈ পাৰ্যমানে চেষ্টা চলাই অহাৰ প্ৰমাণ বিভিন্ন সময়ত আৰক্ষী, চোৰাংচোৱাৰ হাততপৰিছে । সন্ত্ৰাসবাদী সংগঠনসমূহৰ এন অপচেষ্টা নিষ্ফল কৰাৰ বাবে আৰক্ষীয়েও নিৰন্তৰ অভিযান চলায়। আৰক্ষীয়ে জনোৱা মতে, যোৱা বছৰতো অসমত এবিটি অৰ্থাৎ আনছাৰুল্লাহ বাংলা টিমৰ মডিউল উৎখাত কৰা হৈছিল।