সোণোৱালৰ চুক্তিৰ পাছতে আমেৰিকাৰ ভাবুকি

ভাৰত আৰু ইৰানৰ মাজত সোমবাৰে চাবাহাৰ বন্দৰ চুক্তি সম্পন্ন হোৱাৰ পাছতে আমেৰিকাই ইৰানৰ সৈতে ব্যৱসায় কৰিব বিচৰা সকলক সম্ভাব্য নিষেধাজ্ঞা সম্পৰ্কত সতৰ্ক কৰি দিছে৷ ভাৰতৰ বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ তথা আয়ুষ মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু ইৰাণৰ পথ আৰু নগৰ উন্নয়ন মন্ত্ৰী মেহৰদাদ বাজৰপাছৰ উপস্থিতিত সোমবাৰে তেহৰাণত ইণ্ডিয়ান প'ৰ্টছ গ্ল'বেল লিমিটেড আৰু ইৰাণৰ বন্দৰ আৰু সামুদ্ৰিক সংস্থাৰ মাজত ইৰানৰ চাবাহাৰ বন্দৰৰ কাৰ্যকৰীকৰণৰ বাবে দীৰ্ঘম্যাদী দ্বিপাক্ষিক চুক্তি স্বাক্ষৰিত হৈছে৷ ২০১৬ চনৰ ২৩ মে'ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইৰান ভ্ৰমণ কৰাৰ সময়ত তেহৰাণত এই বন্দৰ সম্পৰ্কত দ্বিপাক্ষিক আলোচনা হৈছিল।চুক্তিখনে আঞ্চলিক সংযোগ বৃদ্ধি কৰা আৰু বিশেষকৈ ভাৰত, ইৰান আৰু আফগানিস্তানৰ মাজত বাণিজ্যৰ সুবিধা ত্বৰান্বিত কৰিব বুলি চৰকাৰীভাৱে কোৱা হৈছে৷ এই চুক্তি সম্পাদনৰ কেইঘণ্টামানৰ পাছতে আমেৰিকাৰ ষ্টেট ডিপাৰ্টমেণ্টৰ ডেপুটি প্ৰিন্সিপাল স্প’কছপাৰ্ছন বেদান্ত পেটেলে কৈছে যে ভাৰত আৰু ইৰানৰ চুক্তিৰ বিষয়ে আমেৰিকা অৱগত৷ ভাৰতে নিজৰ বৈদেশিক নীতি অনুসৰিয়েই কাম কৰিব বুলি কৈয়ো তেওঁ কৈছে যে ইৰানৰ সৈতে ব্যৱসায় কৰিব বিচৰাসকলে নিষেধাজ্ঞাৰ সম্ভাৱনা সম্পৰ্কে জানি থোৱা ভাল৷