জনস্বাস্থ্য বিভাগৰ অভিযন্তাৰ ঘৰত কোটিৰ ঘৰত টকা ওলাল

উত্‍‍কোচ লৈ গ্ৰেপ্তাৰ হোৱা জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অভিযন্তাৰ ঘৰত ওলাল দ'ম দ'ম টকা। লখিমপুৰৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যবাহী অভিযন্তা জয়ন্ত গোস্বামীক দুৰ্নীতি নিবাৰকৰ এটা দলে গ্ৰেপ্তাৰ কৰে। সোমবাৰে দুপৰীয়া হেঙেৰাবাৰীৰ পৰা গ্ৰেপ্তাৰ কৰা হয় জয়ন্ত গোস্বামীক। ঠিকাদাৰৰ বিল মোকলাই দিয়াৰ বাবদ ২০ হাজাৰ টকা উত্‍‍কোচ লওঁতেই হেঙেৰাবাৰীৰ ধৃতিপ্ৰভা নামৰ এখন ভাতৰ হোটেলৰ পৰা গ্ৰেপ্তাৰ কৰা হয় অভিযন্তাজনক। হোটেলখনত ঠিকাদাৰৰ পৰা কাৰ্যবাহী অভিযন্তাজনে লৈছিল ২০ হাজাৰ টকা। ঘৰ আৰু ভাতৰ হোটেল, দুয়ো ঠাইতেই পৃথকে অভিযান চলাই এইপৰ্যন্ত উদ্ধাৰ দুৰ্নীতি নিবাৰকৰ অভিযানকাৰী দলটোৱে এই বাতৰি লিখালৈকে ডেৰ কোটি টকা উদ্ধাৰ কৰিছে। গুৱাহাটীৰ হেঙেৰাবাৰীৰ কালী মন্দিৰৰ সমীপত আছে গোস্বামীৰ বাসগৃহ।