চতুৰ্থ পৰ্বৰ ভোটগ্ৰহণ অন্ত: লোকসভাৰ ৩৭৯ আসনৰ বাবে হৈ গ'ল ভোটগ্ৰহণ

এটা-দুটা বিক্ষিপ্ত ঘটনাৰ বাদে শান্তিপূৰ্ণভাৱে অন্ত পৰিল চতুৰ্থ পৰ্বৰ ভোটগ্ৰহণ। সোমবাৰৰ ভোটগ্ৰহণত একাধিক হিংসাত্মক ঘটনা সংঘটিত হয় পশ্চিমবংগ আৰু অন্ধ্ৰপ্ৰদেশত। অন্ধ্ৰপ্ৰদেশৰ এটা ভোটকেন্দ্ৰত YSRCPৰ এজন প্ৰাৰ্থী জঁপিয়াই পৰিল এজন ভোটাৰৰ ওপৰত। গুণটৌৰৰ ভোটকেন্দ্ৰটোত ভোটাৰক এনেদৰে আক্ৰমণ কৰিলে প্ৰাৰ্থী আৰু সমৰ্থকে। আনহাতে পশ্চিমবংগৰ ৮টা লোকসভা সমষ্টিৰ বাবে হোৱা ভোটগ্ৰহণৰ সময়ত দুৰ্গাপূৰত বিজেপি আৰু TMC সমৰ্থকৰ মাজৰ সংঘাতৰ দৃশ্য এয়া। বৰ্দ্ধমান আৰু বীৰহুম জিলাতো সংঘাতত লিপ্ত হয় বিজেপি আৰু TMCৰ নেতা-সমৰ্থক। ভোটৰ আগসন্ধ্যা পূৱ বুৰদোৱা জিলাত এক বোমা বিস্ফোৰত নিহত হয় TMCৰ এগৰাকী কৰ্মী। এনে বিক্ষিপ্ত ঘটনাৰাজিৰ মাজতে অন্ধ্ৰপ্ৰদেশৰ ১৭৫ খন বিধানসভা আসনৰ বাবেও সোমবাৰে হৈ গ'ল ভোটগ্ৰহণ। লোকসভাৰ বাবে অন্ধ্ৰপ্ৰদেশৰ ২৫টা সমষ্টিত, তেলেংগানাৰ ১৭টা সমষ্টিত, উত্তৰপ্ৰদেশৰ ১৩, মহাৰাষ্ট্ৰৰ ১১টা, পশ্চিমবংগ, মধ্যপ্ৰদেশৰ ৮টাকৈ সমষ্টিত, বিহাৰৰ ৫, ঝাৰখণ্ড আৰু ওড়িশাৰ ৪টাকৈ সমষ্টিত, জম্মু-কাশ্মীৰৰ এটা সংসদীয় সমষ্টিত চতুৰ্থ পৰ্যায়ৰ ভোটগ্ৰহণ হৈ গ'ল। ৪টা পৰ্যায়ৰ ভোটগ্ৰহণ হৈ যোৱাৰ পিছত দেশৰ মুঠ ৫৪৩ খন লোকসভা আসনৰ ৩৭৯ আসনৰ বাবে হৈ গ'ল ভোটগ্ৰহণ। চতুৰ্থ পৰ্বত ৯৬ আসনত ১৭১৭ গৰাকী প্ৰাৰ্থীৰ ভাগ্য বন্দী হ'ল EVMত।