বীৰুবালা ৰাভাৰ দেহাৱসান

পদ্মশ্ৰী সন্মানৰে সন্মানিত বীৰুবালা ৰাভাৰ দেহাৱসান হৈছে৷ সোমবাৰে পুৱা প্ৰায় ৯ বাজি ২৩ মিনিটত জিএমচি হাস্পতালৰ ৰাজ্যিক কৰ্কট প্ৰতিষ্ঠানত তেওঁ শেষ নিশ্বাস ত্যাগ কৰে৷ ডাইনী হত্যাৰ লগতে সমাজৰ বিভিন্ন অন্ধবিশ্বাস আৰু কু-সংস্কাৰৰ বিৰুদ্ধে জীৱনজোৰা সংগ্ৰাম কৰি গৈছে মহীয়সীয়ে৷ তেওঁৰ জন্ম হৈছিল ১৯৪৯ চনৰ ৫ ফেব্ৰুৱাৰীত গোৱালপাৰা জিলাৰ ত্ৰিডুমপুৰত৷ পঞ্চম শ্ৰেণীলৈ পঢ়া বীৰুবালাই ১৯৬৪ চনত ঠাকুৰবাৰী গাঁৱৰ খেতিয়ক চণ্ডীৰাম ৰাভাৰ সৈতে বিবাহ পাশত আৱদ্ধ হৈছিল৷ সেই অখ্যাত গাঁওখনৰ পৰাই তেওঁ ডাইনীবিৰোধী আন্দোলনৰ নেতৃত্ব লৈছিল আৰু কমেও ৬০ গৰাকী পুৰুষ-মহিলাক ডাইনীৰ সন্দেহত হোৱা উৎপীড়নৰ পৰা ৰক্ষা কৰিছে৷ মহিলা সমতা ছ’চাইটিৰ সৈতে জড়িত হৈ আৰু পৰৱৰ্তীকালত “মিছন বীৰুবালা”ৰ জৰিয়তে তেওঁ ডাইনী বিশ্বাস, বিভিন্ন অন্ধবিশ্বাসৰ বিৰুদ্ধে, স্ত্ৰী শিক্ষাৰ প্ৰচাৰ, মাদক দ্ৰব্যৰ বিৰুদ্ধে সজাগতা সৃষ্টি কৰা আদি কামত সুদীৰ্ঘকাল আত্মনিয়োগ কৰিছে৷ ২০২১ বৰ্ষত ভাৰত চৰকাৰে তেওঁক পদ্মশ্ৰী সন্মানেৰে সন্মানিত কৰিছে৷ ৰাজ্য চৰকাৰে এই তেওঁৰ শেষকৃত্য ৰাষ্ট্ৰীয় মৰ্যাদাৰে সম্পন্ন কৰা হ’ব বুলি ঘোষণা কৰিছে৷