মাতৃপ্ৰধান মেঘালয়ত নতুন ইতিহাস
সঁচা অৰ্থতেই এক নতুন ইতিহাস ৰচনা হৈছে চুবুৰীয়া মেঘালয়ত৷ মাতৃপ্ৰধান জনজাতীয় ৰাজ্যখনৰ আৰক্ষী বাহিনীক এইবাৰ নেতৃত্ব দিব এগৰাকী মহিলাই৷ এগৰাকী জনজাতীয় মহিলাই৷ ভাৰতীয় আৰক্ষী সেৱাৰ ( আইপিএছ) জ্যেষ্ঠ বিষয়া ইদাশিষা নংৰাঙ হ’ব মেঘালয়ৰ পৰৱৰ্তী আৰক্ষী সঞ্চালক প্ৰধান( ডিজিপি)৷ মাতৃপ্ৰধান জনজাতীয় ৰাজ্য মেঘালয়ৰ প্ৰথমগৰাকী মহিলা ডিজিপি হিচাপে নিযুক্তি দিয়া হৈছে নংৰাঙক । অহা ১৯ মে’ত বৰ্তমানৰ ডিজিপি লজ্জাৰাম বিষ্ণয়ে অৱসৰ গ্ৰহণ কৰিব৷ মেঘালয়ৰ চিভিল ডিফেঞ্চৰ সঞ্চালক প্ৰধান হিচাবে বৰ্তমান কাৰ্যনিৰ্বাহ কৰি থকা নংৰাঙ 1992 চনৰ অসম-মেঘালয় কেডাৰৰ আই পি এছ৷ তেওঁ ৰাজ্যখনৰ তিনিটা প্ৰধান জনগোষ্ঠীৰ অন্যতম খাচী জনগোষ্ঠীৰ ব্যক্তি । পূৰ্বোত্তৰৰ ৰাজ্যকেইখনৰ ভিতৰত ৰাজ্যিক আৰক্ষী বাহিনীৰ শীৰ্ষ পদত নিযুক্তি পোৱা নংৰাঙেই প্ৰথম আৰু জনজাতীয় মহিলা৷ এই নিযুক্তি লাভ কৰাৰ পাচতে মেঘালয়ৰ মুখ্যমন্ত্ৰী কণৰাড চাংমাই নংৰাঙক X যোগে শুভেচ্ছা জ্ঞাপন কৰি কৈছে, "এই নিযুক্তি পোৱাৰ বাবে ইদাশিষা নংৰাঙক আন্তৰিক অভিনন্দন জনাইছোঁ । বহু প্ৰত্যাহ্বান নেওচি ইতিহাস ৰচনা কৰা নংৰাঙ এই পদত অধিষ্ঠিত হোৱা আমাৰ ৰাজ্যৰ প্ৰথমগৰাকী জনজাতীয় মহিলা হিচাপে পৰিগণিত হৈছে৷ আমাৰ সকলোৰে বাবে ই এক গৌৰৱৰ কথা ।’’
