GMCH ত চিকিৎসাধীন অভিনেত্ৰী বিদ্যা ৰাও

৩ মে' ৰ পৰা গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছে প্ৰথিতযশা শিল্পী, অভিনেত্ৰী বিদ্যা ৰাও। পিছলি পৰি ককালৰ তলৰ বহু হাঁড় ভাগিছে অভিনেত্ৰীগৰাকীৰ। পূৰ্বৰে পৰা অন্য বহু কেইটা ৰোগতো আক্ৰান্ত প্ৰবীণ অভিনেত্ৰীগৰাকী। GMCHত অভিনেত্ৰীগৰাকীৰ চিকিৎসা চলিছে শিল্পীগৰাকীৰ। মুখ্যমন্ত্ৰীৰ নিৰ্দেশত শনিবাৰে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে অসুস্থ অভিনেত্ৰীগৰাকীৰ স্বাস্থ্যৰ বুজ লৈ তেওঁৰ চিকিৎসাৰ ৰাজ্য চৰকাৰে ব্যয় বহন কৰিব বুলি সদৰি কৰে।