দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাললৈ চৰ্তসাপেক্ষে জামিন

দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে সাময়িকভাৱে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক প্ৰদান কৰিলে অন্তৱৰ্তীকালীন জামিন। ২১ দিনৰ বাবে কেজৰিৱালক অন্তৰ্ৱৰ্তী জামিন সৰ্বোচ্চ ন্যায়ালয়ৰ। ২১ মাৰ্চত এনফ’ৰ্চমেণ্ট ডিৰেক্টৰেটে গ্ৰেপ্তাৰ কৰিছিল দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীক। প্ৰেৰণ কৰা হৈছিল তিহাৰ কাৰাগাৰলৈ। নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত জামিন লাভ কৰা কেজৰিৱাল নিৰ্বাচনৰ প্ৰচাৰৰ শেষ দিনটোলৈ কাৰাগাৰৰ বাহিৰত থাকিব পাৰিব। অৱশ্যে জামিন লাভ কৰিলেও সচিবালয়ত কাম কৰিব নোৱাৰিব কেজৰিৱালে। দিল্লীৰ আবকাৰী কেলেংকাৰিৰ গোচৰত ২১ মাৰ্চত এনফ’ৰ্চমেণ্ট ডিৰেক্টৰেটে গ্ৰেপ্তাৰ কৰিছিল আম আদমী পাৰ্টীৰ মুৰব্বী তথা দিল্লীৰ মুখ্যমন্ত্ৰী কেজৰিৱালক। পহিলা জুনত সপ্তম তথা অন্তিম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ প্ৰচাৰৰ দিনটোলৈকে কাৰাগাৰৰ বাহিৰত থাকিব পাৰিব অৰবিন্দ কেজৰিৱাল আৰু ২ জুনত তিহাৰ কাৰাগাৰ কৰ্তৃপক্ষৰ ওচৰত আত্মসমৰ্পণ কৰিব লাগিব । লোকসভা নিৰ্বাচনৰ প্ৰচাৰত জড়িত হোৱাৰ বাবে জামিন বিচাৰি যোৱা দেওবাৰে আদালতত আবেদন জনাইছিল কেজৰিৱালে। অৱশ্যে নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ বাবে কেজৰিৱালৰ জামিনৰ বিৰোধিতা কৰি ED-এ আদালতত কৈছিল- আইন সকলোৰে বাবে সমান, নিৰ্বাচনী প্ৰচাৰৰ বাবে জামিন দিয়াতো গ্ৰহণযোগ্য নহয়। কিন্তু ন্যায়ালয় ED ৰ যুক্তিত পতিয়ন নগ'ল। কেজৰিৱালৰ জামিন সন্দৰ্ভত আম আদমী পাৰ্টীৰ নেত্ৰী দিল্লীৰ মন্ত্ৰী আতিশীৰ প্ৰতিক্ৰিয়া- এয়া সত্যৰ জয়, গণতন্ত্ৰৰ জয়।