IPL: কে এল ৰাহুলক LSG ৰ গৰাকী সঞ্জীৱ গোৱেংকাই কেমেৰাৰ সন্মুখতে কি ক'লে?

ফ্ৰেন্সাইজি ক্ৰিকেটত ক্ৰিকেটাৰৰ বাবে যদি ধনেই আচল তেন্তে স্বত্বাধিকাৰীৰ বাবে ক্ৰিকেটাৰৰ সন্মান বুলিও কোনো কথা নাই। কাৰ্যতঃ বুধবাৰে নিশা LSG আৰু SRHৰ মেচৰ অন্তত সেই কথাই সত্য প্ৰমাণিত হ'ল। দেশৰ আগশাৰীৰ ক্ৰিকেটাৰ সুদক্ষ অপেনাৰ লক্ষ্ণৌ চুপাৰ জায়েণ্টছৰ অধিনায়ক কে এল ৰাহুলক SRH হাতত শোচনীয় পৰাজয়ৰ পিছত ফ্ৰেন্সাইজিটোৰ গৰাকী সঞ্জীৱ গোৱেংকাই যিদৰে কেমেৰাৰ সন্মুখতে অংগী ভংগী কৰি যিদৰে কথা ক'লে সেয়া মুঠেও সুখপ্ৰদ নাছিল। দহ উইকেটত SRH য়ে LSGক ধৰাশায়ী কৰাৰ পিছত LIVE সম্প্ৰচাৰত খেলখনৰ বিশ্লেষণ চলি থাকোঁতেই সঞ্জীৱ গোৱেংকাই এগৰাকী মহিলাৰ সন্মুখতে কে এল ৰাহুলক যিদৰে কথা কৈছে সেয়া কোনো ক্ৰিকেট অনুৰাগীয়ে সহজভাৱে গ্ৰহণ কৰিব পৰা নাই।