উচ্চতৰ মাধ্যমিকৰ কলা, বিজ্ঞান, বাণিজ্যৰ শীৰ্ষত কোন?

পৰীক্ষাৰ্থীৰ ৰেংক নাই, আছে জিলাসমূহৰ সামগ্ৰিক স্থান। উচ্চতৰ মাধ্যমিকৰ ফলাফলৰ তালিকাত কলা শাখাত শীৰ্ষত ৯৭.৪৪ শতাংশৰে আছে বাক্সা জিলা। দ্বিতীয় স্থানত ৯৭.০৩ শতাংশৰে নলবাৰী জিলা। তৃতীয় স্থানত ৯৬.৫৯ শতাংশৰে দৰং জিলাৰ স্থান। বাণিজ্য শাখাত ৯৭.৪২ শতাংশ উত্তীৰ্ণৰে শীৰ্ষত শিৱসাগৰ জিলা। ৯৬.৯১ শতাংশ উত্তীৰ্ণৰে দ্বিতীয় স্থানত আছে বজালী জিলা। বাণিজ্য শাখাৰ তৃতীয় স্থানত ৯৫.৮৮ শতাংশৰে স্থান বাক্সা, চৰাইদেউ জিলাৰ। বিজ্ঞান শাখাত ৯৭.৯৮ শতাংশৰে শীৰ্ষ স্থানত তামুলপুৰ জিলা। দ্বিতীয় স্থানত ৯৭.৬০ শতাংশৰে শিৱসাগৰ জিলাৰ স্থান। বিজ্ঞান শাখাত ৯৫.৮৬ শতাংশৰে তৃতীয় স্থানত বাক্সা জিলা।