হায়াৰ ছেকেণ্ডাৰীৰ ফলাফল ঘোষণা, নাই স্থান প্ৰাপ্তৰ তালিকা

অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে অনুষ্ঠিত কৰা শেষৰটো উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল বৃহস্পতিবাৰে পুৱা ন বজাত ঘোষণা কৰা হৈছে৷ ফলাফল অনুসৰি কলা শাখাত ৮৯.১৮ শতাংশ, বিজ্ঞান শাখাত ৮৯.৮৮ শতাংশ আৰু বাণিজ্য শাখাত ৮৭.৮০ শতাংশ শিক্ষাৰ্থী এইবাৰৰ পৰীক্ষাত উত্তীৰ্ণ হৈছে৷ লক্ষণীয়ভাৱে এইবাৰৰ ফলাফলত নাই মেধাৰ ভিত্তিত স্থান প্ৰাপ্তৰ তালিকা৷ ১৪ টা ৱেবছাইট আৰু এটা এণ্ড্ৰইড এপযোগে এই ফলাফল উপলব্ধ হৈছে৷ Upolobdha নামৰ এপটোত এই ফলাফল উপলব্ধ হৈছে৷ ৰাজ্য চৰকাৰে ছেবা আৰু উচ্চতৰ মাধ্যমিক শিক্ষা সংসদক চামিল কৰি বিদ্যালয় শিক্ষা পৰিষদ গঠন কৰিছে, এই পৰিষদেহে অহা বছৰৰ পৰা মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা অনুষ্ঠিত কৰিব৷