CAAৰ যোগেদি ১৪জনে পালে ভাৰতৰ নাগৰিকত্ব

দেশত সাধাৰণ নিৰ্বাচন চলি থকাৰ মাজতে নাগৰিকত্ব ( সংশোধনী) আইন, চমুকৈ “কা”ৰ অধীনত বাংলাদেশ, পাকিস্তান, আফগানিস্থানৰ প অ-মুছলমান প্ৰব্ৰজনকাৰীক ভাৰতীয় নাগৰিকত্ব প্ৰদানৰ প্ৰমাণ-পত্ৰ বিতৰণ আৰম্ভ কৰা হৈছে৷“কা”ৰ ৰুলছ জাৰি কৰাৰপ প্ৰায় দুমাহৰ পিছত আজি CAAৰ অধীনত প্ৰথম পৰ্যায়ত ১৪জন লোকক নাগৰিকত্বৰ প্ৰমাণ পত্ৰ প্ৰদান কৰা হয়।কেন্দ্ৰীয় গৃহ সচিব অজয় কুমাৰ ভাল্লাই নতুন দিল্লীত এই লোকসকলক নাগৰিকত্বৰ প্ৰমাণ- পত্ৰবোৰ প্ৰদান কৰে৷