কাজিৰঙাৰ কহঁৰাত বাগৰি পৰিল নৈশ বাছ 'কীৰ্তি'

বুধবাৰৰ নিশা কাজিৰঙাৰ ৩৭ নং ৰাষ্ট্ৰীয় পথত সংঘটিত হয় ভয়াবহ পথ দুৰ্ঘটনা৷ নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষৰ খাৱৈত বাগৰি পৰে AS12E9381 নম্বৰৰ কীৰ্তি নামৰ নৈশ বাছখন ৷ দুৰ্ঘটনাত শিশু-মহিলাসহ কম বেছি পৰিমানে প্ৰায় সকলো যাত্ৰী আহত হয় ৷তেজপুৰৰ পৰা তিনিচুকীয়া অভিমুখে যাত্ৰা কৰিছিল দুৰ্ঘটনা পতিত নৈশ বাছখন ৷ কহঁৰাৰ পেট্ৰল পাম্পৰ সমীপত সংঘটিত দুৰ্ঘটনাটোত বাছখনৰ ভিতৰতে আৱদ্ধ হৈ পৰা যাত্ৰী সকলক কেবিনৰ দুৱাৰ ভাঙি উদ্ধাৰ কৰে আৰক্ষীয়ে৷ দুৰ্ঘটনাৰ পাছতে স্থানীয় লোকৰ সহযোগত আৰক্ষীয়ে আহত সকলক উদ্ধাৰ কৰি প্ৰেৰণ কৰে চিকিৎসালয়লৈ। #BusAccident #AssamBusAccident #dailynewsupdate #highlight