বেলেন' গাড়ীৰে গুৱাহাটীৰ ATMত চুৰি কৰি অহা চোৰ ধৃত

বেলেন' গাড়ীৰে গুৱাহাটীৰ ATMত চুৰি কৰি অহা চোৰ ধৃত বিলাসী বাহন লৈ গুৱাহাটী মহানগৰীত ঘূৰি ফুৰিছে ATM চোৰৰ গেং। আদাবাৰীত আৰক্ষীৰ জালত পৰিল তেনে ATM চোৰ। গ্ৰাহকৰ লগত ATM কাৰ্ড সালসলনি কৰাৰ সময়ত জালুকবাৰী আৰক্ষীৰ জালত পৰিল বৰপেটাৰ ATM চোৰ লুকফুৰ ৰহমান, পলাই সাৰে আন দুই সহযোগী। আদাবাৰীত থকা এটা SBI ATM ৰ পৰা গ্ৰেপ্তাৰ কৰা হয় ATM চোৰটোক। জালুকবাৰী আৰক্ষীয়ে ধৃত চোৰটোৰ পৰা জব্দ কৰিছে বহুসংখ্যক ATM কাৰ্ড। AS 01 FS 9501 নম্বৰৰ এখন বেলেন' বাহন লৈ মহানগৰীৰ বিভিন্ন ATM ত লুটপাত চলাই আহিছিল চোৰৰ গেংটোৱে। ATMত আন গ্ৰাহকৰ সৈতে প্ৰবেশ কৰি কৌশলেৰে ATM চোৰৰ দলটোৱে ATMৰ পৰা ধন লুটৰ ঘটনা সংঘটিত কৰি আহিছিল লুকফুৰসহ ATM চোৰকেইটাই। #ATMTheft #ATMFraud #SBIATM #CityCrime #AssamNews #DailyNews #breakingnewstoday