৬ জুনত খেলিব অন্তিম মেচ, অধিনায়ক সুনীল ছেত্ৰীৰ অৱসৰ ঘোষণা
দেশৰ তাৰকা ফুটবলাৰ, ৰাষ্ট্ৰীয় দলৰ অধিনায়ক সুনীল ছেত্ৰীয়ে আন্তঃৰাষ্ট্ৰীয় ফুটবলৰ পৰা অৱসৰ লোৱাৰ ঘোষণা কৰিছে৷ অহা ৬ জুনত কলকাতাত কুৱেইটৰ বিৰুদ্ধে অনুষ্ঠিত হ’বলগীয়া ফিফা বিশ্বকাপৰ কোৱালিফাইং মেচখনেই তেওঁৰ অন্তিম মেচ হ’ব বুলি ফুটবলাৰজনে ঘোষণা কৰিছে৷ বৰ্তমান ভাৰতে ৪ পইণ্টেৰে গ্ৰুপ এত দ্বিতীয় স্থানত আছে, কাটাৰৰ পিছতে। এক্সত পোষ্ট কৰা এটা ভিডিঅ’ত তেওঁ কয় যে কুৱেইটৰ বিৰুদ্ধে ভাৰতৰ বিশ্বকাপৰ যোগ্যতা অৰ্জনকাৰী মেচখনেই তেওঁৰ অন্তিমখন খেল হ’ব। ভিডিঅ’টোত তেওঁ কৈছে, ‘এখন শেষ খেল... আমাৰ সকলোৰে স্বাৰ্থত...আহক আমি খেলখনত জয়ী হওঁ , তাৰ পাছত আমি আনন্দৰে যাত্ৰা কৰিব পাৰিম’। ৩৯ বছৰীয়া ছেত্ৰীয়ে ২০০৫ চনত তেওঁৰ প্ৰথমখন মেচতে প্ৰথমটো গ’ল দি দেশৰ হৈ বিগত ১৯ বছৰ ধৰি খেলি আহিছে। ভাৰতৰ মূলতঃ ক্ৰিকেটকেন্দ্ৰিক উন্মাদনাৰ মাজতে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ভাৰতীয় ফুটবল সম্পৰ্কত চৰ্চা উজ্জ্বল কৰাৰ কৃতিত্ব লাভ কৰা দেশৰ বিখ্যাত খেলুৱৈসকলৰ ভিতৰত তেওঁ অন্যতম। এই পৰ্যন্ত তেওঁ আৰ্জেণ্টিনাৰ লিয়নেল মেছি আৰু পৰ্তুগালৰ ক্রিষ্টিয়ানো ৰোনাল্ডোৰ পিছতে সক্ৰিয় ফুটবলাৰৰ ভিতৰত তৃতীয় সৰ্বাধিক আন্তঃৰাষ্ট্ৰীয় গ’লদাতাৰ অভিলেখ গঢ়িছে। এক্সত ৯ মিনিট ৫১ ছেকেণ্ডৰ ভিডিঅ’ পোষ্টটোত ছেত্ৰীয়ে নিজৰ দীঘলীয়া কেৰিয়াৰৰ শীৰ্ষ আৰু নিম্ন অৱস্থানৰ কথা মনত পেলাই নিজৰ সিদ্ধান্তক লৈ দুখ প্ৰকাশো কৰিছে। তেওঁ কৈছে, ‘ভিতৰৰ সৰু ল’ৰাটোৱে হয়তো সদায় ফুটবল খেলিবলৈয়ে যুঁজি থাকিব, কিন্তু এজন অনুভৱী, পৰিপক্ক খেলুৱৈ আৰু ব্যক্তিজনে জানে যে এয়াই সময়।’ এই সিদ্ধান্ত লোৱাটো সহজ নাছিল বুলিও তেওঁ লগতে কয়।
