বন্দী বিদেশীক পুহি নাৰাখিব! অসমত বন্দী ১৭জনক তৎক্ষণাত বিতাড়নৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

বন্দী বিদেশীক পুহি ৰাখিবলৈ বাজেটৰ ধন খৰচ কৰাৰ সলনি সেই ধন দেশৰ ৰাইজৰ কল্যাণত খৰচ কৰক৷ উচ্চতম ন্যায়ালয়ে অসমৰ ডিটেনশ্যন কেম্পত বন্দী হৈ থকা ১৭ জন ঘোষিত বিদেশীক বিতাড়নৰ বাবে তাৎক্ষণিক পদক্ষেপ ল’বলৈ কেন্দ্ৰীয় চৰকাৰক নিৰ্দেশ দি এই মন্তব্য কৰিছে। এই বিদেশীকেইজনৰ বিৰুদ্ধে কোনো বিচাৰধীন গোচৰ ৰুজু হৈ নথকাৰ পৰিপ্ৰেক্ষিততে আদালতে বৃহস্পতিবাৰে এই নিৰ্দেশ দিছে। ন্যায়াধীশ এ এছ ওকা আৰু উজ্জ্বল ভূঞাৰ বিচাৰপীঠে অসমত সন্দেহজনক নাগৰিকত্ব আৰু বিদেশী বুলি গণ্য কৰা ব্যক্তিক আটক কৰি ৰখা ডিটেনচন চেণ্টাৰৰ অৱস্থা সম্পৰ্কীয় এটা গোচৰৰৰ শুনানি লৈ আছে। বিচাৰপীঠে অসম ৰাজ্যিক আইন সেৱা প্ৰাধিকৰণক ডিটেনশ্যন কেম্পৰ চৰজমিন প্ৰতিবেদন দিবলৈ কৈছিল৷ প্ৰাধিকৰণে বিচাৰপীঠক জনাইছে যে কেম্পত থকা ১৭ জন বিদেশীৰ ভিতৰত , ৪ জনক ২ বছৰৰো অধিক সময় ধৰি বন্দী কৰি ৰখা হৈছে৷ বিদেশী হোৱাৰ বাহিৰে তেওঁলোকৰ বিৰুদ্ধে অন্য কোনো গোচৰ নাই৷ এনে পৰিপ্ৰেক্ষিতত তেওঁলোকক তাৎক্ষণিকভাৱে বিতাড়নৰ ব্যৱস্থা কৰিবলৈ কৈছে আদালতে৷