কোন কিমান BJP? এইবাৰ উপসভাপতি জয়ন্ত কুমাৰ দাসৰ বিস্ফোৰণ
ভোটৰ পিছতে অভাবনীয় অন্তঃকলহত জৰ্জৰিত হৈছে ৰাজ্যিক বিজেপি। নবিজেপি আৰু পুৰণি বিজেপিৰ সংঘাতে গুৰুতৰণৰূপ ধাৰণ কৰিছে ৰাজ্যিক বিজেপিৰ ভিৰচ'ৰাত। ৰাজেন গোহাঁই, অশোক শৰ্মা, মৃনাল শইকীয়াৰ পিছত এইবাৰ সৰৱ হৈছে দলটোৰ ৰাজ্যিক উপ-সভাপতি তথা দলটোৰ বহু পুৰণি নেতা জয়ন্ত কুমাৰ দাস। জয়ন্ত দাসে সোমবাৰে ৰাজ্যিক সভাপতি ভৱেশ কলিতালৈ প্ৰেৰণ কৰিছে এখন বিশেষ পত্ৰ। পত্ৰখনত তেওঁলোকে বিজেপিৰ বেয়া দিনত কেনেকৈ সংগঠন কৰিছিল সেই বিষয়ে বৰ্ণনা দি জয়ন্ত কুমাৰ দাসে সাংসদ দিলীপ শইকীয়া আৰু মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই দলৰ পুৰণি নেতা অশোক শৰ্মাক শেহতীয়াভাৱে কৰা তাচ্ছিল্য আৰু সমালোচনা সন্দৰ্ভত তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰিছে। পত্ৰখনত দাসৰ বক্তব্য, ‘ধৰা হ’ল, অশোক শৰ্মাই ভুল কৰিছে। কিন্তু অশোক শৰ্মাক অতি কটু কথা কৈ সংবাদ মাধ্যমত সাংসদ এগৰাকীয়ে কৰা মন্তব্য সমৰ্থনযোগ্য নে? দলৰ জেষ্ঠ নেতাৰ বিৰুদ্ধে দলৰ মজিয়াত নকৈ ৰাজহুৱাকৈ কোৱাটোও আমাৰ দলৰ সংবিধান বিৰোধী। আনহাতে অশোক শৰ্মাৰ বিৰুদ্ধে যুক্তি প্ৰতিষ্ঠা কৰিবলৈ গৈ মন্ত্ৰী এগৰাকীয়ে ধসক দশকজ জুৰি ত্যাগ কৰি দলৰ কাম কৰা নিষ্ঠাবান কৰ্মীক অতি বেয়াকৈ বছৰত পাচদিন কাম কৰি দল কৰা নুবুজাই বুলি উপলুঙা কৰা কথাখিনিয়ে অন্তৰত বৰ আঘাত দিছে। মন্ত্ৰী ডাঙৰীয়াই ২০১৫ চনৰ পৰা ২৪ ঘণ্টাকৈ দলক দিছে আমি আদৰমি জনাইছো। কিন্তু ২০১৫ চনৰ পিছৰ পৰিৱেশ দলৰ অতিকৈ অনুকূল। সামাজিক আৰু আৰ্থিক পৰিৱেশ বহু সুন্দৰ আছিল। কিন্তু ২০১৫ চনৰ আগৰ বন্দুকৰ গুলী বুকুত লৈ প্ৰাণ আহুতি দিয়া নলবাৰীত প্ৰয়াত দ্লীপ সাহাৰ লগতে উগ্ৰবাদৰ আতিশৰ্যৰ বলি হোৱা সতীৰ্থসকলৰ ত্যাগ আৰু সেই পৰিৱেশবোৰ মনলৈ বৰকৈ আহিছে।’ এনেদৰে নিজৰ ক'বলগীয়াখিনি কৈ দাসৰ অভিযোগ, " এই কেইদিনৰ ঘটনা পৰিঘটনাই বিশেষকৈ বহু বছৰ ধৰি কাম কৰি অহা কাৰ্যকৰ্তাসকলক মনত বহু কষ্ট দিছে আৰু কেৱল এজনকহে উদ্দেশ্যে কৈফিয়ত তলব কৰিলে দলত নতুন-পুৰণি কথাষাৰৰ আনুষ্ঠানিকতা প্ৰদান কৰাহে হ’ব আৰু ইয়েই দলত এক বিৰূপ প্ৰভাৱ পেলাব।" জয়ন্ত কুমাৰ দাসৰ পত্ৰ তথা অভিযোগক ৰাজ্যিক বিজেপিয়ে কিমান গুৰুত্বসহকাৰে গ্ৰহণ কৰে, দলীয় কন্দল ৰোধ কৰিবলৈ বিজেপিয়ে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া হ'ব লক্ষ্যনীয়।
