গঠন হ’ল কমিটী, অসমতো হিন্দু বাংলাদেশীয়ে পাব নাগৰিকত্ব

“কা”ৰ যোগেদি হিন্দু বাংলাদেশীক নাগৰিকত্ব প্ৰদানৰ প্ৰক্ৰিয়া অসমতো আৰম্ভ হৈছে৷ অসমৰ লোকপিয়ল সঞ্চালকক অধ্যক্ষ হিচাপে লৈ ৰাজ্যিক পৰ্যায়ৰ উচ্চক্ষমতা সম্পন্ন সমিতিখন গঠনৰ পাছত জিলা সমিতিবোৰ গঠন কৰি থকা হৈছে৷ জিলা সমিতিত চক্ৰ বিষয়াৰ সমপৰ্যায়ৰ এজন বিষয়া সদস্য হিচাপে অন্তৰ্ভুক্ত হ’ব, এই বিষয়াজনৰ নাম শীঘ্ৰে প্ৰেৰণ কৰিবলৈ সংশ্লিষ্ট ডিচিসকলক নিৰ্দেশ দিছে লোকপিয়ল সঞ্চালকে৷ মে’ মাহৰ ভিতৰতে কমিটীৰ গঠন সম্পূৰ্ণ কৰা হ’ব৷ লক্ষণীয় যে এই কমিটীবোৰ ঘাইকৈ কেন্দ্ৰীয় চৰকাৰৰ বিষয়াসকলক লৈয়ে গঠন কৰা হৈছে৷ জিলা কমিটীৰ অধ্যক্ষ হৈছে জিলাখনৰ ডাক বিভাগৰ অধীক্ষক৷“কা“ৰ যোগেদি নাগৰিকত্ব বিচৰাসকলে পোনপটীয়াকৈ প’ৰ্টেলত আবেদন কৰিব লাগে৷ সেই আবেদন সংশ্লিষ্ট জিলা কমিটীলৈ গৃহ মন্ত্ৰালয়ে প্ৰেৰণ কৰে৷ জিলা কমিটীয়ে পৰীক্ষা কৰি ৰাজ্যিক কমিটীলৈ পঠিয়াই৷ ৰাজ্যিক কমিটীয়ে চূড়ান্ত সিদ্ধান্ত লয়৷ ইতিমধ্যে, ১৪জন লোকক “কা”ৰ অধীনত নাগৰিকত্ব দিয়া হৈছে৷