ড্ৰাইভিং লাইচেন্স পোৱাৰ নতুন নিয়ম, এতিয়াৰে পৰা ড্ৰাইভিং টেষ্ট দিয়াৰ প্ৰয়োজন নাই
ড্ৰাইভিং লাইচেন্স লোৱাৰ নিয়ম সলনি কৰিছে চৰকাৰে। এতিয়াৰে পৰা ব্যক্তিগতভাৱে চৰকাৰী আঞ্চলিক পৰিবহণ কাৰ্যালয়ত (আৰ টি অ’) ড্ৰাইভিং টেষ্ট দিয়াৰ প্ৰয়োজন নাই। ইয়াৰ পৰিৱৰ্তে এতিয়াৰে পৰা প্ৰাইভেট ড্ৰাইভিং ট্ৰেইনিং স্কুলত ড্ৰাইভিং শিকিব লাগিব৷ এই স্কুলবোৰে পৰীক্ষা অনুষ্ঠিত কৰাৰ লগতে তেওঁলোকে প্ৰশিক্ষণ দিয়া লোকসকলক ড্ৰাইভিং লাইচেন্স দিব পাৰিব বুলি কৰ্তৃত্ব প্ৰদান কৰা হৈছে। অহা ১ জুনৰ পৰা কাৰ্যকৰী হ’ব এই নিয়ম৷ নতুন নিয়মৰ অধীনত ড্ৰাইভিং চেন্টাৰবোৰ কেনেকুৱা হ’ব লাগিব সেয়াও ঠিক কৰি দিছে কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰালয়ে৷ সেই অনুসৰি, চেন্টাৰ এটাত নূন্যতম ১ একৰ মাটি থাকিব লাগিব। ৪ চকীয়া বাহনৰ বাবে ড্ৰাইভিং চেণ্টাৰত অতিৰিক্ত ২ একৰ মাটিৰ প্ৰয়োজন হ’ব৷ প্ৰশিক্ষকসকলে অন্ততঃ হাইস্কুল শিক্ষান্ত উত্তীৰ্ণ বা সমতুল্য শিক্ষা থকা হ’ব লাগিব। ইয়াৰ উপৰিও তেওঁলোকৰ নূন্যতম ৫ বছৰৰ গাড়ী চলোৱাৰ অভিজ্ঞতা থাকিব লাগিব। প্ৰশিক্ষকসকলে বায়’মেট্ৰিক্স আৰু তথ্য প্ৰযুক্তি ব্যৱস্থাৰ মৌলিক দিশসমূহৰ সৈতে পৰিচিত হ’ব লাগিব৷ লঘু বাহনৰ লাইচেঞ্চ পাবলৈ আবেদনকাৰীয়ে ৪ সপ্তাহৰ কমেও নূন্যতম ২৯ ঘণ্টাৰ প্ৰশিক্ষণ ল’ব লাগিব। এই প্ৰশিক্ষণ দুটা ভাগত হ’ব— থিয়ৰি আৰু প্ৰেকটিকেল। থিয়ৰিৰ ৮ ঘণ্টা আৰু প্ৰেকটিকেল ২১ ঘণ্টা প্ৰশিক্ষণ ল’ব লাগিব।গধুৰ যান-বাহনৰ লাইচেঞ্চৰ বাবে প্ৰশিক্ষণ ৩৮ ঘণ্টাৰ প্ৰশিক্ষণ ল’ব লাগিব য’ত ৮ ঘণ্টাৰ থিয়ৰি শিক্ষা আৰু ৩১ ঘণ্টাৰ প্ৰেকটিকেল থাকিব। এই প্ৰশিক্ষণ ৬ সপ্তাহৰ ভিতৰত সম্পূৰ্ণ কৰিব লাগিব। এই প্ৰশিক্ষণ সম্পূৰ্ণ কৰাৰ প্ৰমাণ-পত্ৰ লৈহে অহা এক জুনৰ পৰা ড্ৰাইভিং লাইচেঞ্চৰ বাবে আবেদন কৰিব পাৰিব৷ https://parivahan.gov.in প’ৰ্টেলৰ যোগেদিয়ে এই আবেদন কৰিব পাৰিব৷
