কাজিৰঙাৰ কেমেৰা ভাল হ'ল, গতিবেগ মানি চলাওক গাড়ী

৩৭নং ৰাষ্ট্ৰীয় পথেৰে কাজিৰঙা অতিক্ৰম কৰোঁতে সাৱধান হওক। পুনৰ কাৰ্যক্ষম হ'ল কাজিৰঙাত যান বাহনৰ গতি পৰীক্ষাৰ কেমেৰাসমূহ। কাজিৰঙাৰ মাজেৰে পাৰ হোৱা দ্ৰুতবেগী বাহনৰ চালকক নাকী লগাবলৈ সাজু হৈছে পৰিবহণ বিভাগ। নিৰ্ধাৰিত গতিবেগ অমান্য কৰা বাহনৰ চালকে ভৰিব লাগিব পাঁচ হাজাৰ টকা পৰ্যন্ত জৰিমনা। ৰাষ্ট্ৰীয় পথটোত সষ্টম পৰিবহণ বিভাগৰ লগতে বন বিভাগ। সম্ভাৱ্য বান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি চেনচৰ কেমেৰাসমূহ সক্ৰিয় কৰি তোলা হৈছে। ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ ভিন্ন স্থানত প্ৰশাসনে স্থাপন কৰিছে চেনচৰ কেমেৰা। ৬টাকৈ এনিমেল কৰিড’ৰত স্থাপন কৰা কেমেৰাই লক্ষ্য কৰিব বাহনৰ গতি। পৰিবহণ বিভাগৰ ইণ্টাৰচেপ্তৰৰো তীক্ষ্ণ নিৰীক্ষণত আছে কাজিৰঙাৰ মাজেৰে পাৰ হোৱা যানবাহনসমূহ। নিয়ম নমনা বাহনৰ গৰাকীলৈ পৰিবহণ বিভাগে প্ৰেৰণ কৰিব ২ হাজাৰৰ পৰা ৪ হাজাৰ টকা পৰ্যন্ত জৰিমনাৰ চালান। গোলাঘাট আৰু নগাঁও দুইখন জিলাতে প্ৰযোজ্য হ’ব এই নিৰ্দেশনা।