অখিল গগৈলৈ কঠোৰ পত্ৰ কংগ্ৰেছৰ:কংগ্ৰেছৰ দলীয় বিষয়ত মাত নামাতিব

ভোটৰ পিছতে গুৰুতৰ সংঘাতত লিপ্ত হৈছে দুই বিৰোধী মিত্ৰ দল কংগ্ৰেছ আৰু ৰাইজৰ দল।অখিল গগৈয়ে বৃহস্পতিবাৰে কংগ্ৰেছক অপমানজনকভাৱে সমালোচনা কৰাৰ পিছত শুকুৰবাৰে পুৱা অখিল গগৈলৈ ভূপেন বৰাই প্ৰেৰণ কৰিলে এক কঠোৰ পত্ৰ। অখিল গগৈয়ে যোৰহাটত কৈছিল যে, কংগ্ৰেছৰ নেতাসকলে নিৰ্বাচনত বিশেষ কষ্ট নকৰি বহি থাকিল। তৃণমূলৰ কংগ্ৰেছ কৰ্মী আৰু ৰাইজৰ সহযোগিতাৰ বাবেহে বিৰোধীয়ে বিজেপিক প্ৰত্যাহ্বান জনাব পাৰিলে। এনেকৈ অখিল গগৈয়ে অপ্ৰৰোচিতভাৱে কংগ্ৰেছক আক্ৰমণ কৰাৰ লগে লগে পত্ৰত ভূপেন বৰাই লিখিলে, 'এটা মিত্ৰ দলৰ সভাপতি হিচাপে আপোনাৰ মন্তব্যত আমি হতভম্ব হৈছো। আপোনাৰ মন্তব্য অনাকাংক্ষিত আৰু সত্যৰ অপলাপ। অখিল গগৈয়ে অনা সকলো অভিযোগ নুই কৰি ভূপেন বৰাই আৰু জনায়- যদি আপুনি এনে মন্তব্যৰ শুধৰণি নিদিয়ে আমি অধিক প্ৰতিক্ৰিয়া প্ৰকাশ কৰিম। লগতে পত্ৰখনত অখিল গগৈক কংগ্ৰেছ দলৰ কোনো আভ্যন্তৰীণ বিষয়ত মাত নামাতিবলৈ সতৰ্ক কৰি দিয়ে। এই বিস্ফোৰক পত্ৰখন সন্দৰ্ভত অখিল গগৈয়ে নিজে কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই যদিও ৰাইজৰ দলে এক সংবাদমেলত এখন বাতৰিকাকতখন প্ৰকাশিত অখিল গগৈৰ সাক্ষাৎকাৰৰ ভিত্তিত ভূপেন বৰাই প্ৰয়োজনাধিক প্ৰতিক্ৰিয়া প্ৰকাশ কৰা বুলি মন্তব্য কৰিছে। আনহাতে ভূপেন বৰাৰ সাংবাদিকৰ আগত মন্তব্য- মানুহে বন্ধুত্বই কৰক বা শত্ৰুতাই কৰক, সম্পৰ্কত সেয়া স্পষ্ট হ'ব লাগে।