উৎকণ্ঠাৰ ওৰ পৰিবলৈ মাজতে মাত্ৰ কেইটামান ঘণ্টা, পুৱা আঠবজাৰ পৰাই 360Insightত ভোটগণনা-লাইভ

সাতটা পৰ্যায়ত অনুষ্ঠিত লোকসভা নিৰ্বাচনৰ ভোট গণনা মঙলবাৰে পুৱা আঠ বজাৰ পৰা আৰম্ভ হ’ব৷ একে সময়তে অসমৰো ১৪ টা লোকসভা সমষ্টিত ভোট গণনা আৰম্ভ হ’ব৷ ৫২ টা ভোট গণনা কেন্দ্ৰৰ ১৫২টা কাউণ্টিং হলত কৰা হ’ব ভোট গণনা৷ কাউণ্টিং টেবুল থাকিব ১৯৪১ খন৷ ভোট গণনাৰ কামত ৫৮২৩ জন বিষয়া-কৰ্মচাৰীক নিয়োগ কৰা হৈছে৷ ৬৪জন জেনেৰেল অবজাৰভাৰৰ নিৰীক্ষণত কাইলৈৰ ভোট গণনা কৰা হ’ব৷ অসমৰ ১৪টা সমষ্টিত মুঠ ১৪৩ জন প্ৰাৰ্থীয়ে এইবাৰ প্ৰতিদ্বন্দ্বিতা কৰিছে৷ ভোট গণনা বিধানসভা সমষ্টি অনুসৰি অনুষ্ঠিত হ’ব৷ একোটা বিধানসভা সমষ্টিত দহৰ পৰা ২৮ ৰাউণ্ড পৰ্যন্ত গণনাৰ প্ৰয়োজন হ’ব৷ 360Insightত পুৱা আঠ বজাৰ পৰাই উপলব্ধ হ’ব ভোটগণনাৰ সবিশেষ৷