MBBSত এইবাৰ বৃদ্ধি পাব কাট অফ্, জেনেৰেলৰ বাবে মাত্ৰ ৯২৫টা ছীট

NEET2024ৰ ফলাফল প্ৰকাশ পোৱাৰ পাছতে প্ৰাৰ্থীসকলৰ মাজত বৃদ্ধি পাইছে উৎকণ্ঠা MBBSত আসন পোৱা যাব নে? কোনখন মেডিকেল কলেজত পাব ছীট? কোন কলেজৰ কিমান হ’ব এইবছৰৰ কাট অফ মাৰ্ক? উল্লেখ্য যে ৰাজ্যখনত বৰ্তমান আছে বাৰখন মেডিকেল কলেজ৷ MBBSত মুঠ আসনৰ সংখ্যা হৈছে ১৫০০৷ ইয়াৰে মাত্ৰ ৫২৫খন আসনহে অসংৰক্ষিত৷ অৱশিষ্ট ৯২৫খন আসনেই সংৰক্ষিত৷ All India Quotaৰ নামত ২২৬খন, Central Pollত ৬ খন, ভূটানৰ বাবে ২খন, মেঘালয়ৰ বাবে ১০খন, নগালেণ্ডৰ বাবে ২খন, NRIৰ বাবে ৮৮খন, EWSৰ বাবে ৬৯খন, SCৰ বাবে ৮২খন, ST(P)ৰ বাবে ১১৭খন, ST(H)ৰ বাবে ৫৮খন, OBC/MOBCৰ বাবে ২৩৭খন, Freedom Fighter Quotaত ২ খন, Martyrs Quotaত ২খন, Extremist Violence Quotaত দুখন, চৰ অঞ্চলৰ বাবে ৪খন, Son/ Daughter of Ex-Serviceman/ Serving Defense Personal of Assam Quotaত ৯ খন, Sports Quotaত এখন আৰু প্ৰতিবন্ধীসকলৰ বাবে ৫৮খন আসন সংৰক্ষণ কৰা হৈছে৷ গুৱাহাটী মেডিকেল কলেজ আৰু ডিব্ৰুগড়ৰ অসম মেডিকেল কলেজত ২০০ খনকৈ; শিলচৰ, যোৰহাট, তেজপুৰ আৰু বৰপেটা মেডিকেল কলেজত ১২৫ খনকৈ; ডিফু, লখিমপুৰ, ধুবুৰী, নলবাৰী, নগাঁও আৰু কোকৰাঝাৰ মেডিকেল কলেজত ১০০ খনকে আসন আছে৷ NEETত কিমান নম্বৰ পোৱা শিক্ষাৰ্থীসকলে এইবাৰ এই মেডিকেল কলেজ কেইখনত নামভৰ্তি কৰিবলৈ সুযোগ পাব? পূৰ্বানুমান অনুসৰি অসংৰক্ষিত আসনত নামভৰ্তিৰ বাবে সাধাৰণ বৰ্গৰ কাট অফ্ ৫৫৮লৈ বৃদ্ধি পাব পাৰে৷ সেইদৰে, EWSৰ কাট অফ্ ৫৫০; SCৰ কাট অফ্ ৪৬০; OBCৰ কাট অফ্ ৪৮০; ST(P)ৰ কাট অফ্ ৩৪৫ হ’ব পাৰে৷ কেইবাটাও সমীক্ষাত এই তথ্য প্ৰকাশ পাইছে৷ ৰাজ্যৰ চিকিৎসা শিক্ষা সঞ্চালকে অৱশ্যে এতিয়াও নামভৰ্তিৰ জাননী প্ৰকাশ কৰা নাই৷