চৰকাৰ গঠনৰ দাবী মোডীৰ, ৯জুনত শপত গ্ৰহণ

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শুকুৰবাৰে ৰাষ্ট্ৰপতি ভৱনত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুক সাক্ষাৎ কৰি দেশৰ পৰৱৰ্তী চৰকাৰ গঠনৰ দাবী উত্থাপন কৰে। ইয়াৰ পূৰ্বে অনুষ্ঠিত এন ডি এৰ সংসদীয় বৈঠকত তেওঁ মিত্ৰজোঁটৰ নেতা হিচাপে নিৰ্বাচিত হয়। নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনৰ বাহিৰত সাংবাদিকক সম্বোধন কৰি মোডীয়ে কয় যে প্ৰথম দুটা কাৰ্যকালৰ দৰেই তেওঁৰ তৃতীয় কাৰ্যকালতো উন্নয়নমূলক কাম-কাজ অব্যাহত থাকিব। তৃতীয়বাৰৰ বাবে এন ডি এক দেশৰ সেৱাৰ সুযোগ দিয়াৰ বাবে দেশবাসীক ধন্যবাদ জ্ঞাপন কৰে। ৰাষ্ট্ৰপতিয়ে তেওঁক মনোনীত প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰি যাবলৈ কৈছে আৰু শপত গ্ৰহণৰ বিষয়ে অৱগত কৰিছে। ৯ জুনৰ সন্ধিয়া সুবিধা হ’ব বুলি জনোৱা হৈছে৷