অসম মন্ত্ৰীসভাত গুৰুত্বপূৰ্ণ সালসলনি, স্বাস্থ্য কৰ্তন কৰি কেশৱ মহন্তক পৰিবহণ, আবকাৰী, মীন

অসম মন্ত্ৰীসভাত সালসলনি ঘটোৱা হৈছে৷ অগপ নেতা কেশৱ মহন্তৰ দায়িত্বৰ পৰা স্বাস্থ্য আৰু পৰিয়াল কল্যাণ, চিকিৎসা শিক্ষা আৰু গৱেষণা বিভাগ দুটা কৰ্তন কৰা হৈছে৷ দুয়োটা বিভাগ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই নিজৰ অধীনলৈ আনিছে৷ আনহাতে, লোকসভাৰ সাংসদ হোৱাৰ পাছত মন্ত্ৰীসভাৰ পৰা পদত্যাগ কৰা পৰিমল শুক্লবৈদ্যৰ দায়িত্বত থকা তিনিওটা বিভাগ— পৰিবহন, আবকাৰী আৰু মীন বিভাগৰ দায়িত্ব কেশৱ মহন্তক দিয়া হৈছে৷ মহন্ত পূৰ্বৰ বিজ্ঞান, প্ৰযুক্তি আৰু জলবায়ু পৰিৱৰ্তন, আৰু তথ্য প্ৰযুক্তি বিভাগৰ দায়িত্বতো থাকিব৷ উল্লেখ্য যে মুখ্যমন্ত্ৰীৰ দায়িত্বত গৃহ, লোক নিৰ্মাণ, কৰ্মচাৰী, খিলঞ্জীয়া আৰু জনজাতীয় বিশ্বাস আৰু সংস্কৃতি বিভাগো আছে৷