চৰকাৰী চিকিৎসকে কৰিব নোৱাৰিব প্ৰাইভেট প্ৰেক্টিছ, নাৰ্ছিং হোমৰ বিৰুদ্ধে ল’ব ব্যৱস্থা
মেডিকেল কলেজৰ অধ্যাপককে ধৰি চৰকাৰী চিকিৎসকসকলে চৰকাৰী হাস্পতালত কৰ্তব্যৰ সময়তে প্ৰাইভেট প্ৰেক্টিছ কৰিবলৈ যোৱা হাস্পতাল/ নাৰ্ছিং হোমবোৰৰ বিৰুদ্ধে ব্যৱস্থা ল’ব ৰাজ্য চৰকাৰে৷ স্বাস্থ্য বিভাগে নাৰ্ছিং হোম/ প্ৰাইভেট হাস্পতালবোৰক নিৰ্দেশ দিছে যাতে কোনো চৰকাৰী চিকিৎসকে চৰকাৰী দায়িত্বৰ সময়ত তেওঁলোকৰ চিকিৎসালয়ত প্ৰাইভেট প্ৰেক্টিছ নকৰে৷ সেইটো নিশ্চিত কৰিবলৈ যুটীয়া স্বাস্থ্য সঞ্চালকসকলে এতিয়াৰে পৰা নিয়মীয়াকৈ নাৰ্ছিং হোম/ প্ৰাইভেট হাস্পতালবোৰ পৰিদৰ্শন কৰিব আৰু চৰকাৰক মাহিলী প্ৰতিবেদন দিব৷ এই নিৰ্দেশ অমান্য কৰা নাৰ্ছিং হোমবোৰৰ বিৰুদ্ধে ক্লিনিকেল এষ্টাব্লিছমেণ্ট এক্ট অনুসৰি ব্যৱস্থা গ্ৰহণ কৰা হ’ব৷ উল্লেখ্য যে একাংশ চৰকাৰী চিকিৎসকৰ বিৰুদ্ধে চৰকাৰী চিকিৎসালয়ত ৰোগী নাচাই প্ৰাইভেট প্ৰেক্টিছ কৰিবলৈ যোৱাৰ অভিযোগ দীৰ্ঘদিনীয়া যদিও চৰকাৰে ছমাহ-বছৰেকত সকীয়নি থকা একোটা নিৰ্দেশ দিয়েই দায়িত্ব সামৰি থৈ আহিছে৷
