কৃষি উন্নয়ন বিষয়া নিযুক্তি কেলেংকাৰীত ৰাকেশ পালসহ ৩২জনক দোষী সাব্যস্ত

গুৱাহাটীৰ বিশেষ ন্যায়াধীশৰ আদালতে সোমবাৰে অসম লোকসেৱা আয়োগৰ কুখ্যাত কৃষি উন্নয়ন বিষয়া (Agriculture Development Officer) নিযুক্তি কেলেংকাৰীৰ গোচৰত ৩২ জন অভিযুক্তক দোষী সাব্যস্ত কৰি ৰায়দান কৰিছে। এই গোচৰটোত সেই সময়ৰ লোকসেৱা আয়োগৰ অধ্যক্ষ ৰাকেশ কুমাৰ পাল, সদস্য চামেদুৰ ৰহমান, বসন্ত কুমাৰ দলেসহ মুঠ ৪৩ জন অভিযুক্তৰ নাম সাঙোৰ খাই আছিল । আজিৰ ৰায়দানত এই ৪৩ জন অভিযুক্তৰ ভিতৰত ১১ জনক দোষমুক্ত ঘোষণা কৰা হৈছে । কেলেংকাৰীটো সংঘটিত হোৱাৰ সময়ৰ লোকসেৱা আয়োগৰ অধ্যক্ষ ৰাকেশ কুমাৰ পাল, সদস্য চামেদুৰ ৰহমান, বসন্ত কুমাৰ দলেসহ ৩২ জন দোষী ঘোষণা কৰা হয় । আনহাতে, গোচৰটোত ৰাজসাক্ষী হোৱা আয়োগৰ প্ৰাক্তন সদস্য বিনীতা ৰিঞ্জাক দোষমুক্ত কৰা হৈছে । উল্লেখ্য যে, কৃষি উন্নয়ন বিষয়া নিযুক্তিৰ নামত ব্যাপক ধনৰ লেনদেন হোৱা বুলি এজন বঞ্চিত প্ৰাৰ্থীয়ে ২০১৭ চনতে গুৱাহাটীৰ ভঙাগড় থানাত এখন এজাহাৰ দাখিল কৰিছিল আৰু তাৰ ভিত্তিতে গোচৰ ৰুজু কৰি ( Case No. 159/2017 u/s 120(B)/420/468 of IPC R/w Section 7/13(1) (a) (d) (III)/ 13 (2) of the Prevention of Corruption Act) তদন্ত চলোৱা হৈছিল৷ আদালতে দোষীৰ শাস্তি মঙলবাৰে ঘোষণা কৰিব৷