দহ বছৰ পাছত কিমান হ’ব আপোনাৰ মাহিলী খৰছ?
মুদ্ৰাস্ফীতিয়ে অনাগত দিনত একোটা পৰিয়ালৰ মাহিলী ব্যয়ক কেনেদৰে প্ৰভাৱিত কৰিব? বৰ্তমান সময়ত জীৱন ধাৰণৰ বাবে মাহিলী দহ হাজাৰ টকা খৰচ কৰিবলগীয়া হোৱা পৰিয়াল একোটাক দহ বছৰ পাছত মাহিলী কিমান টকাৰ প্ৰয়োজন হ’ব? ছিকিউৰিটিজ এণ্ড এক্সচেঞ্জ ব’ৰ্ড অব্ ইণ্ডিয়া, চমুকৈ ছেবিৰ ইনফ্লেছন কেলকুলেটৰ অনুসৰি বৰ্তমানে মাহিলী দহ হাজাৰ টকা খৰচ কৰা পৰিয়াল এটাৰ ব্যয়ৰ পৰিমান দহ বছৰৰ পাছত বাৰ্ষিক ৬.২১ শতাংশ মুদ্ৰাস্ফীতিৰ হাৰ অনুসৰি ১৮ হাজাৰ টকালৈ বৃদ্ধি পাব৷ ২০ বছৰৰ পাছত প্ৰতি মাহৰ এই খৰছ বৃদ্ধি হ’ব ৩২ হাজাৰ টকালৈ৷ ৩০ বছৰ পাছত এতিয়া মাহে দহ হাজাৰ টকা খৰচ কৰা পৰিয়ালটোৰ এই ব্যয় বাঢ়ি হ’বগৈ ৫৭, ৫০০ টকা৷ আনহাতে, যদি আপোনাৰ বৰ্তমানৰ মাহিলী ব্যয় ২০ হাজাৰ টকা তেন্তে দহ বছৰৰ পাছত আপোনাৰ খৰছ হ’ব প্ৰতিমাহে ৩৬০০০ টকা৷ ২০ বছৰৰ পাছত এই খৰছ বাঢ়ি হ’বগৈ ৬৫০০০ টকা৷ একেটা পৰিয়ালকে ৩০ বছৰৰ পাছত মাহিলী খৰচৰ বাবে প্ৰয়োজন হ’ব ১ লাখ ১৫ হাজাৰ টকাৰ৷
