ৰাষ্ট্ৰীয় জুনিয়ৰ এথলেটিকছলৈ অসমৰ ২৬ জনীয়া দল

ৰাষ্ট্ৰীয় জুনিয়ৰ এথলেটিকছলৈ অসমৰ ২৬ জনীয়া দল উৰিষ্যাৰ ভূৱনেশ্বৰৰ কলিংগ ষ্টেডিয়ামত ৭ ডিচেম্বৰৰ পৰা অনুষ্ঠিত হ'বলগীয়া ৩৯ সংখ্যক ৰাষ্ট্ৰীয় জুনিয়ৰ এথলেটিকছ প্রতিযোগিতালৈ অসমৰ ২৬ জনীয়া দল এটি আজি গুৱাহাটীৰ পৰা ৰাওনা হৈছে। দলটোৰ ল'ৰাৰ শাখাত ১৩ জন আৰু ছোৱালী শাখাত ৮ গৰাকী খেলুৱৈ অন্তর্ভুক্ত হৈছে। অসমৰ খেলুৱৈসকলে গুৰুত্বপূৰ্ণ ৰাষ্ট্ৰীয় প্রতিযোগিতাখনৰ মুঠ ১১ টা ইভেন্টত অৱতীৰ্ণ হ'ব। দলটোৰ সৈতে মুখ্য পৰিচালক নিমিন্দ্ৰ ব্রহ্ম, পৰিচালক মৃগাংকু বাহেক, প্রশিক্ষক ৰূপে গৈছে গোবিন্দ মালাকৰ, বন্দনা বৰুৱা আৰু মূল্যধৰ চাংমাই। অসম দলটোৰ সদস্যসকল ল'ৰাৰ শাখাত স্বর্ণমজ্যোতি বৰা, ভাৰ্গৰ বৰুৱা, স্নিগ্ধ প্রতীম কোঁৱৰ, বৰ্ণিল শৰ্মা, জুবিন গোঁহাই, অংশুমান ভাগৱতী, কৃষাণু কুমাৰ, পার্থ প্রতীম বুঢ়াগোঁহাই, পিন্টু বৰঠাকুৰ, ঋষি হাজৰিকা, ইদুল হুছেইন, মৌচম দাস আৰু অৰূপ গগৈ। ছোৱালী শাখাত প্রতিক্ষা চেতিয়া, ৰুহিনা বৰগোঁহাই, মেঘালি বুঢ়াগোঁহাই, মায়া বসুমতাৰী, হিয়া বৰুৱা, ধৃতিমা উজিৰ, পাহি কেওঁট আৰু চাংমিৰ টেৰণপিয়ে খেলিব৷