অসমতো কৰিব পাৰি “মুকুতা”ৰ খেতি৷ কেনেকৈ কৰিব?

অসমতো কৰিব পাৰি “মুকুতা”ৰ খেতি৷ কেনেকৈ কৰিব? "মুকুতা" খেতিৰ (Pearl Culture) বিষয়ে শুনিছেনে? এই খেতি অসমতো আৰম্ভ হৈছে৷নগাঁও জিলাৰ বেচামাৰি আদিকে ধৰি বহু অঞ্চলত ইতিমধ্যে এই খেতি আৰম্ভ কৰা হৈছে। অসমৰ প্ৰেক্ষাপটত বিষয়টো একেবাৰে নতুন, কিন্তু বিশেষজ্ঞসকলৰ মতে নিজৰ ঘৰৰ সৰু পুখুৰী এটাতে এই খেতি আৰম্ভ কৰিব পৰা যায়। কিন্তু কেনেকৈ কৰিব এই খেতি? এই সম্পৰ্কত উত্তৰ গুৱাহাটীৰ আমিনগাঁৱস্থিত বায়'টেক পার্কত দুদিনীয়াকৈ এক প্রশিক্ষণৰ আয়োজন কৰা হৈছে। অহা ৬ আৰু ৭ ডিচেম্বৰত এই প্ৰশিক্ষণ ল’ব পাৰিব আগ্ৰহীসকলে৷ প্ৰাৰ্থীসকলক থকা-খোৱাৰ লগতে অহা-যোৱাৰ খৰছো দিয়া হ’ব৷ 9954757390/ 8638181323 নম্বৰত যোগাযোগ কৰিব পাৰে।