নৰকংকালেৰে ভৰা এটা ৰহস্যময় হ্ৰদ!

নৰকংকালেৰে ভৰা এটা ৰহস্যময় হ্ৰদ! ভাৰতৰ কোন ঠাইত আছে এই হ্ৰদটো? প্ৰতিবছৰে দেখা পোৱা শ শ কংকাল আচলতে হয় কাৰ ? ভাৰতবৰ্ষত এনে বহুতো ঠাই আছে, যিসমূহ ঠাইৰ ৰহস্য আজিও ভেদ কৰিব পৰা নাই। এনে ঠাইৰ বিষয়ে শুনিলে বহু লোকে তেনে ঠাইলৈ যাব শংকাবোধ কৰে, আনফালে বহুলোকৰ মনত কৌতূহলৰ সৃষ্টি হয়। তেনে এক ৰহস্যময় ঠাইৰ বিষয়ে আজি আপোনাক জনাম। উত্তৰাখণ্ডত ৰূপকুণ্ড নামেৰে এক হ্ৰদ আছে, যিটো কংকাল হ্ৰদ নামেৰে জনাজাত। এই হ্ৰদটোত অজশ্ৰ নৰকংকাল ওপঙি থাকে। কিন্তু ৰহস্যটো হ'ল যে তাত কোনোৱে আত্মহত্যাও নকৰে বা কোনো হত্যাকাণ্ডও সংঘটিত হোৱা নাই, কোনোৱে মৃতদেহ তালৈ লৈয়ো নাযায়। তেন্তে প্ৰতিবছৰে এই হ্ৰদটোত এই কংকালবোৰ আহে ক'ৰ পৰা ? সমতলৰ পৰা ১৬,৫০০ ফুট উচ্চতাত অৱস্থিত এই হিমবাহৰ হ্ৰদটোত প্ৰতিবছৰে বৰফ গলিবলৈ আৰম্ভ কৰাৰ লগে লগে দেখা পোৱা যায় এই শিহৰণকাৰী দৃশ্য। ১৯৪২ চনত এজন বন ৰেঞ্জাৰৰ দ্বাৰা আৱিষ্কাৰ হোৱা ৰূপকুণ্ড হ্ৰদৰ কংকালবোৰ আজিও ৰহস্যৰ আৱৰ্তত। গৱেষণা মতে মৃতদেহবোৰ প্ৰায় ১২০০ বছৰ পুৰণি।