অসমৰ শোচনীয় পৰাজয়

বিশাখাপট্টনমত চলি থকা ছৈয়দ মুস্তাক আলী টী—২০ ক্ৰিকেটতআজিৰ খেলত অসমক চত্তিছগড়ে শোচনীয়ভাৱে ১২৪ ৰানত পৰাস্ত কৰে৷সন্ধিয়া ফ্লাড লাইটৰ তলত অনুষ্ঠিত খেলখনত চত্তিছগড়ে প্ৰথমে বেটিং কৰি ২০ অভাৰত ৭উইকেটত ২০৩ ৰান কৰে ৷ প্ৰত্যুত্তৰত অসমে ১২.৩ অভাৰত মাত্ৰ ৭৯ ৰানতে অল আউট হয় ৷ অসম গ্ৰুপত খেলা ৬খন মেচৰ ৩খনত জয়লাভ কৰাৰ বিপৰীতে ৩খনত পৰাস্ত হৈছে ৷