ৰাজ্যৰ বিদ্যালয়সমূহত ৬ জানুৱাৰীৰ পৰা গুণোৎসৱ
ৰাজ্যৰ বিদ্যালয়সমূহত ৬ জানুৱাৰীৰ পৰা গুণোৎসৱ ৩৫ খন জিলাৰ সৰ্বমুঠ ৪৪ হাজাৰ ৯৪ খন বিদ্যালয়ত হ'ব চলিত বৰ্ষৰ গুণোৎসৱ।এইবাৰৰ গুণোৎসৱৰ জৰিয়তে ৩৯ লাখ ৬৫ হাজাৰ ৮১ গৰাকী ছাত্ৰ-ছাত্ৰী উপকৃত হ'ব। ৩ টা পৰ্যায়ত গুণোৎসৱ অনুষ্ঠিত হ'ব বুলি সংবাদমেলত জনালে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে। ৬ জানুৱাৰী পৰা ৯ জানুৱাৰীলৈ হ'ব প্ৰথম পৰ্যায়ৰ গুণোৎসৱ। দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱ ১৭ জানুৱাৰীৰ পৰা ২২ জানুৱাৰীলৈ হ'ব। তৃতীয় পৰ্যায়ৰ গুণোৎসৱ ৫ ফেব্ৰুৱাৰী পৰা ৮ ফেব্ৰুৱাৰীলৈ। গুণোৎসৱত এইবাৰ ইউনিফৰ্মৰ মূল্যাংকণ হ'ব।জিলাই জিলাই ইউনিফৰ্মৰ কাপোৰৰ টেষ্টৰ বাবে লেবৰটৰী ব্যৱস্থা কৰা হৈছে। এগৰাকী ছাত্ৰ-ছাত্ৰীক দুযোৰকৈ ইউনিফৰ্ম দিব লাগিব। প্ৰথমবাৰৰ বাবে গুণোৎসৱত মোবাইল এপ থাকিব, ইয়াতে সকলো উপলব্ধ হ'ব। প্ৰধান শিক্ষকক বাদ দি এইবাৰ গুণোৎসৱত বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰীসকলক পৰ্যৱেক্ষক হিচাপে আন বিদ্যালয়লৈ প্ৰেৰণ কৰা হ'ব ।
