মানুহে হাতেৰে খন্দা একমাত্ৰ নদীখন জানেনে?

মানুহে হাতেৰে খন্দা একমাত্ৰ নদীখন জানেনে? অসমৰ কোন ঠাইত আছে এই নদীখন? উজনি অসমৰ এক প্ৰসিদ্ধ নদী হৈছে ভোগদৈ নদী। স্বৰ্গদেউ গৌৰীনাথ সিংহই(১৭৮০-১৭৯৪) বৃটিছৰ সহায়ত বিদ্ৰোহী মায়ামৰীয়া মৰাণৰ হাতৰ পৰা সাম্ৰাজ্য উদ্ধাৰ কৰাৰ পাছত গড় গাঁও আৰু ৰংপুৰৰ পৰা যোৰহাটলৈ ৰাজধানী স্থানান্তৰিত কৰিছিল। ৰাজধানীৰ কাষত এখন নৈৰ আৱশ্যকতা অনুভৱ কৰি পূৰ্ণানন্দ বুঢ়াগোহাঁই ডাঙৰীয়াই ভোগ দি দিচৈ নৈ খান্দি আনি যোৰহাটৰ কাষেদি বোৱাই ব্ৰহ্মপুত্ৰত পেলাইছিল। নৈ খান্দোতে ভোগ দিয়াৰ কাৰণে নৈ খনৰ নাম হ'ল ভোগদৈ। ইতিহাসে গৰকা প্ৰায় ছশটা বছৰ অতিক্ৰম কৰিলে এই নদীখনে। প্ৰাকৃতিক ভাৱে নহয়, মানৱসৃষ্ট এইখনেই সম্ভৱতঃ একমাত্ৰ নদী।