ভাৰত অষ্ট্ৰেলিয়াৰ দ্বিতীয় টেষ্টৰ প্ৰথম দিনা

অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে এডিলেইডৰ পিংক বলৰ দ্বিতীয় টেষ্টৰ প্ৰথম দিনা ভাৰতে আজি ১৮০ৰানত প্ৰথম ইনিংছ সামৰিছে ৷ ভাৰতৰ হৈ আজি নীতিশ কুমাৰ ৰেড্ডীয়ে ৪২ , কে এল ৰাহুলে ৩৭,শুভমন গীলে ৩১ ,ৰবিচন্দ্ৰন অশ্বিনে ২২আৰু ঋষভ পণ্টে ২১ৰানৰ বৰঙণি আগবঢ়ায় ৷ব্যৰ্থ হয় যশস্বী জয়ছোৱাল (০),বিৰাট কোহলী (৭ৰান) আৰুঅধিনায়ক ৰোহিত শৰ্মা(৩ ৰান) ৷ অষ্ট্ৰেলিয়াৰ হৈ মিচেল ষ্টাৰ্কে ৪৮ ৰানত ছটা উইকেট দখল কৰে৷