গুৱাহাটী মাষ্টাৰ্ছ ছুপাৰ ১০০ বেডমিণ্টনত দুটাকৈ খিতাপ জয় ভাৰতীয় শ্বাটলাৰৰ
ভাৰতৰ সতীশ কুমাৰ কৰুনাকৰণে বি ডব্লিউ এফ ট্যুৰৰ ছুপাৰ ১০০ বেডমিণ্টন প্ৰতিযোগিতা গুৱাহাটী মাষ্টাৰ্ছ-২০২৪ ৰ পুৰুষৰ একক শাখাৰ খিতাপ জয় কৰিছে৷ গুৱাহাটীৰ সৰুসজাই ক্ৰীড়া প্ৰকল্পৰ কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈ ইনড’ৰ ষ্টেডিয়ামত অনুষ্ঠিত প্ৰতিযোগিতাৰ আজি হোৱা ফাইনেলত সতীশে চীনৰ কোৱালিফায়াৰ শ্বাটলাৰ ঝু জুৱান চেনক ২১-১৭, ২১-১৪ ৰ পোনপটীয়া ব্যৱধানত পৰাস্ত কৰে৷ ইফালে, সতীশৰ লগতে বিগত বৰ্ষৰ মহিলাৰ ডাবলছ শাখাৰ চেম্পিয়ন অশ্বিনী পোনাপ্পা আৰু তানিশা ক্ৰাষ্টোয়ো গুৱাহাটীত নিজৰ স্বৰ্ণজয় যাত্ৰা অব্যাহত ৰাখি এইবাৰো খিতাপ দখল কৰিবলৈ সক্ষম হয়৷ ফাইনেলত ভাৰতীয় যুটিটোৱে চীনৰ লী হুৱা ঝুউ আৰু ৱাং জি মেঙক ২১-১৮, ২১-১২ ৰ পোনপটীয়া ব্যৱধানত পৰাস্ত কৰে৷ ভাৰতীয় বেডমিণ্টন ফেডাৰেছনৰ সহযোগত অসম বেডমিণ্টন সন্থাই ক্ৰমাগত দ্বিতীয়বাৰৰ বাবে মহানগৰীত আয়োজন কৰা প্ৰতিযোগিতাখনত আজি অনুষ্ঠিত ফাইনেলত তিনিটা শাখাত ভাৰতৰ শ্বাটলাৰে অংশ লৈছিল যদিও মহিলাৰ একক শাখাৰ খিতাপৰ যুঁজত পৰাস্ত হয় অনমল খাৰ্ব৷ চীনৰ চাই য়ান য়ানে ১৪-২১, ২১-১৩, ২১-১৯ ৰ ব্যৱধানত পৰাস্ত কৰে ভাৰতীয় শ্বাটলাৰগৰাকীক৷ উল্লেখ্য যে কোৱালিফায়িং মেচ খেলি মুল ৰাউণ্ডত প্ৰৱেশ কৰা চায়ে চমক সৃষ্টিৰে চেম্পিয়ন হ’বলৈ সক্ষম হয়৷ প্ৰথমটো ছেটত পৰাস্ত হোৱাৰ পাছতো সফল প্ৰত্যাৱৰ্তন কৰি খিতাপ জয় কৰে চীনৰ শ্বাটলাৰগৰাকীয়ে৷ ইফালে, মিক্সড শাখাৰ খিতাপ লাভ কৰে চীনৰ ঝাং হান ইউ আৰু বাও লি জিঙে৷ এখন একপক্ষীয় মেচত চীনৰ যুটিটোৱে ২১-১৫, ২১-১৬ ৰ পোনপটিয়া ব্যৱধানত পৰাস্ত কৰে ইংলণ্ডৰ ৰ’ৰী ইষ্টন আৰু লিজি ট’লমানক৷ আনহাতে, পুৰুষ ডাবলছ শাখাৰ খিতাপ অৰ্জন কৰে মালয়েছিয়াৰ যুটি চিয়া বেইজি আৰু লৱি ছেং হাৱে৷ তিনিটা ছেটত নিৰ্ণয় হোৱা ফাইনেলত চীনৰ হুৱাং ডি আৰু লিউ ইয়ঙক ২২-২০, ১৫-২১, ১৭-২১ ৰ ব্যৱধানত পৰাস্ত কৰে৷
