আমেৰিকান সামগ্ৰীত ভাৰতে অত্যাধিক কৰ লগোৱাৰ অভিযোগ ড’নাল্ড ট্ৰাম্পৰ

ভাৰতে যিমান কৰ ল’ব, আমেৰিকায়ো সিমানে লগাবঃ ড’নাল্ড ট্ৰাম্প আমেৰিকাৰ নিৰ্বাচিত ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ভাৰত আৰু ব্ৰাজিলে আমেৰিকাৰ কিছুমান সামগ্ৰীত উচ্চ হাৰৰ শুল্ক আৰোপ কৰাৰ অভিযোগ উত্থাপন কৰি দুয়োখন দেশৰ বিৰুদ্ধেও অনুৰূপ কৰ আৰোপ কৰাৰ সকীয়নি দিছে। ট্ৰাম্পে কয়, “তেওঁলোকে যদি আমাৰ ওপৰত কৰ আৰোপ কৰে, আমি একে পৰিমাণৰ কৰ আৰোপ কৰিম৷প্ৰায় সকলো ক্ষেত্ৰতে তেওঁলোকে আমাৰ ওপৰত কৰ আৰোপ কৰিছে...আমি তেওঁলোকৰ ওপৰত কৰ আৰোপ কৰা নাই।” ভাৰত যদি আমেৰিকাৰ পৰা ১০০% চাৰ্জ লয়, তেওঁলোকৰ পৰা আমেৰিকাই কিয় কৰ নল’ব বুলিও প্ৰশ্ন কৰিছে নিৰ্বাচিত ৰাষ্ট্ৰপতিজনে৷