বিশ্ব দাবা চেম্পিয়ন ডি গুকেশে ভৰিব লাগিব ৪.৬৭ কোটি টকাৰ কৰ

দাবাৰ নতুন বিশ্ব চেম্পিয়ন ১৮ বছৰীয়া ডোম্মাৰাজু গুকেশে পুৰস্কাৰৰ ধনৰ ওপৰতে চৰকাৰক আদায় দিব লাগিব কেইবা কোটি টকা৷ ছিংগাপুৰত অনুষ্ঠিত হোৱা বিশ্ব দাবা চেম্পিয়নশ্বিপত জয়লাভ কৰি গ্ৰেণ্ডমাষ্টাৰ গুকেশে লাভ কৰিছে প্ৰায় ১১.৪৫ কোটি টকা। আয়কৰ আইনৰ ২৬ নং নিয়মৰ ১৯৪বি ধাৰা অনুসৰি তেওঁ পুৰস্কাৰ হিচাপে পোৱা ধনৰ প্ৰায় ৩৯%-৪২% কৰ হিচাপে দিবলগীয়া হ’ব পাৰে। এই নিয়ম অনুসৰি খেলৰ প্ৰাইজমাণিৰ ওপৰত উৎসতে কৰ কৰ্তন কৰাটো বাধ্যতামূলক । সেইমৰ্মে, গুকেশে প্ৰায় ৪.৬৭ কোটি টকা কৰ আদায় দিব লাগিব।