সাংবাদিকৰ সৈতে কি কথা পাতিব পাৰিব? মন্ত্ৰীসকললৈ মুখ্যমন্ত্ৰীৰ নিৰ্দেশ

অসম মন্ত্ৰীসভাৰ সদস্যসকলক সাংবাদিকৰ সৈতে কথা পাতোঁতে কেৱল ৰাজ্যখনৰ উন্নয়নমূলক কাৰ্যসূচী সম্পৰ্কতহে কথা ক’বলৈ নিৰ্দেশ দিছে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই৷ মন্ত্ৰীসকললৈ প্ৰেৰণ কৰা এটা টোকাত মুখ্যমন্ত্ৰীয়ে কৈছে যে সাংবাদিকৰ সৈতে কথা পাতোঁতে একাংশ মন্ত্ৰীয়ে অপ্ৰয়োজনীয়ভাৱে ৰাজনৈতিক বিষয়ত মন্তব্য কৰা পৰিলক্ষিত হৈছে৷ ই অনাহক বিতৰ্কৰ সৃষ্টি কৰাৰ লগতে উন্নয়নমূলক কামৰ বিষয়ৰ পৰা ৰাইজৰ দৃষ্টিও আতৰাই নিয়ে৷ একাংশ সংবাদ মাধ্যমে মন্ত্ৰীসকলক উত্তেজিত কৰিবলৈয়ো চেষ্টা কৰে বুলি মন্তব্য কৰি তেওঁ মন্ত্ৰীসকলক কোনো ৰাজনৈতিক বিষয়ত মন্তব্য নকৰিবলৈ আৰু ৰাজনৈতিক সাক্ষাৎকাৰ নিদিবলৈ নিৰ্দেশ দিছে৷ কেৱল উন্নয়নমূলক কাম-কাজ সম্পৰ্কতহে সংবাদ মাধ্যমৰ সম্মুখত কথা ক’বলৈ ড° শৰ্মাই মন্ত্ৰীসকলক পৰামৰ্শ দিছে৷