সাৱধান! আপোনাৰ ফোনকলত কাণ পাতি আছে কোনোবাই

আপুনি নজনাকৈয়ে কোনোবা তৃতীয় পক্ষই শুনি আছে নেকি আপোনাৰ ফোন কল? কোনোবাই কাণ পাতি আছে নেকি হোৱাটছ এপ কলত, চাই আছে নেকি মেছেজ? ইজৰাইলী স্পাইৱেৰ পেগাছাছৰ যোগেদি এনেদৰে গোপনীয়তা ভংগৰ অভিযোগ প্ৰমাণ হোৱাৰ পাছত এই লৈ পুনৰ দুশ্চিন্তা বাঢ়িছে৷ উল্লেখ্য যে ভাৰতৰো ৰাজনৈতিক নেতা, সাংবাদিক, আৰক্ষী বিষয়া, বুদ্ধিজীৱী আৰু ব্যৱসায়ীৰ ফোনত চৰকাৰে কাণ পাতি থকাৰ অভিযোগ ২০১৯ চনতে উত্থাপিত হৈছিল৷ এই তালিকাত অসমৰ বিৰোধী দলৰ নেতা, সাংবাদিক, উচ্চপদস্থ আৰক্ষী বিষয়া, ব্যৱসায়ী আৰু চৰকাৰৰ বিৰুদ্ধাচৰণ কৰা বুদ্ধিজীৱী থকাৰ কথাও ওলাইছে। ২০১৯ চনৰ পৰা উচ্চ প্ৰযুক্তিৰে কৰা এই চোৰাংচোৱাগিৰি চলি আছে আৰু ই এতিয়াও অব্যাহত আছে বুলি আশংকা কৰা হৈছে৷ হোৱাটছএপৰ পৰা কৰা ফোন কল আৰু মেছেজ কেৱল দুয়োজন যোগাযোগকাৰীৰ মাজতে সীমাবদ্ধ বুলি “মেটা”ই দাবী কৰে। ইয়াত পতিয়ন গৈ বহুলোকে গোপন বা ব্যক্তিগত কল হোৱাটছএপ কলত কৰে। আৰক্ষী বিষয়া, সাংবাদিক আৰু অন্যান্যয়ো নিজৰ ফোন ৰেকৰ্ড হোৱাৰ ভয়ত হোৱাটছএপত কথোপকথন কৰে। কিন্তু ভাৰতত ইজৰাইলী স্পাইৱেৰ পেগাছাছা জৰিয়তে হোৱাটছএপ কল-মেছেজো কোনোবাই শুনি আছে,পঢ়ি আছে বুলি অভিযোগ উত্থাপিত হৈ আছে। ২০১৯ চনৰ পৰা ভাৰতত পেগাছাছৰ জৰিয়তে চলি থকা এই চোৰাংচোৱাগিৰি উন্মোচিত হৈছিল ২০২১ চনত। দেশৰ বিৰোধী ৰাজনৈতিক দলৰ নেতা, আৰক্ষী বিষয়া, সাংবাদিক, বুদ্ধিজীবীৰ হোৱাটছএপত পেগাছাছ ছফটৱেৰ এৰি দি তেওঁলোকৰ গতিবিধি নজৰত ৰখা বুলি মোদী চৰকাৰৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ উঠিছিল। অবশ্যে, মোদী চৰকাৰে এই বিষয়ত সম্পূর্ণ অজ্ঞতা প্রকাশ কৰিছিল। কিন্তু হোৱাটছএপে প্রকাশ কৰি দিছিল পেগাছাছৰ দ্বাৰা চোৰাংচোৱাগিৰি চলি থকা দেশৰ অসংখ্য প্রভাবশালী ব্যক্তিৰ নাম। অসমৰ ৰাজনৈতিক নেতা, আগশাৰীৰ সাংবাদিকৰ নামো আছিল এই তালিকাত। উল্লেখ্য মোদী চৰকাৰে অজ্ঞতা প্রকাশ কৰিলেও আমেৰিকাৰ আদালতত প্রমাণিত হৈছে পেগাছাছৰ জৰিয়তে বিশ্বৰ সহস্রাধিক ব্যক্তিৰ হোৱাটছএপত চোৰাংচোৱাগিৰি কৰাৰ অভিযোগ। শেহতীয়াকৈ আমেৰিকাৰ ওকলেণ্ডৰ মার্কিন জিলা ন্যায়াধীশ ফিলিছ হেমিল্টনৰ আদালতত প্রতীয়মান হৈছে, ইজৰাইলী সংস্থা এন এছ অ'ৰ দ্বাৰা নির্মিত পেগাছাছ নামৰ স্পাইৱেৰৰ (চোৰাংচোৱা ছফটৱেৰ) জৰিয়তে সহস্রাধিক প্রভাবশালীৰ ম'বাইলৰ হোৱাটছএপ কল আৰু মেছেজত চোৰাংচোৱাগিৰি কৰাৰ কথা ৷ আদালতে এই চোৰাংচোৱাগিৰিৰ বাবে পেগাছাছৰ নির্মাতা কোম্পানী ইজৰাইলৰ এন এছ অ'ক দোষী সাব্যস্ত কৰিছে। এন এছ অ'ৰ বিৰুদ্ধে এই গোচৰ - দাখিল কৰিছিল হোৱাটছএপৰ পৰিচালনকাৰী কোম্পানী মেটাই। মেটাই আদালতত দাখিল কৰা তথ্য প্রমাণ বিশ্বাসযোগ্য বুলি মানি লৈ ওকলেণ্ডৰ আদালতে গোচৰ আগবঢ়োৱাৰ নির্দেশ দিছে। আমেৰিকাৰ আদালতত এই অভিযোগৰ সত্যতা প্রমাণিত হোৱাৰ পাছত কাৰ কাৰ ফোনত চৰকাৰে চোৰাংচোৱাগিৰি কৰি আছে তাৰ তালিকা ৰাজহুৱা কৰিবলৈ দাবী জনাইছে কংগ্ৰেছ দলে। অভিযোগ অনুসৰি পেগাছাছ নামৰ স্পাইৱেৰটো ইজৰাইলৰ কোম্পানী এনএছঅ'ই কোনো ব্যক্তিগত প্রতিষ্ঠানক বিক্রী নকৰে, বিক্ৰী কৰে কোনো দেশৰ চৰকাৰক।