শিলিগুৰি কৰিড'ৰত মৌলবাদী সন্ত্ৰাসবাদীৰ আক্ৰমণৰ পৰিকল্পনা
উত্তৰ-পূৰ্বাঞ্চলৰ আটাইকেইখন ৰাজ্যক দেশৰ বিভিন্ন প্ৰান্তৰ সৈতে সংযোগ কৰা পশ্চিমবংগৰ শিলিগুৰি কৰিড'ৰক আনছাৰুল্লাহ বাংলা টীম (এ বি টি)-য়ে আক্ৰমণৰ লক্ষ্য কৰি লৈছে৷ এই তথ্য প্ৰকাশ কৰিছে পশ্চিমবংগ আৰক্ষীয়ে। অল কায়দাৰ ভাৰত উপ-মহাদেশৰ সহযোগী আনছাৰুল্লাহ বাংলা টীমৰ শ্লিপাৰ চেলে শিলিগুৰি কৰিড'ৰত আক্ৰমণৰ পৰিকল্পনা কৰা বুলি চোৰাংচোৱাই তথ্য লাভ কৰিছে৷ পশ্চিমবংগ আৰক্ষীয়ে সদৰি কৰিছে। এই তথ্যৰ ভিত্তিতে কেন্দ্ৰী গৃহ মন্ত্ৰণালয়ে অসম, মেঘালয়, ত্ৰিপুৰাত হাই এলার্ট জাৰি কৰিছি। পশ্চিম বংগ আৰক্ষীৰ মতে এ বি টিৰ শ্লিপাৰ চেলে অর্থনৈতিকভাবে পিছপৰা আৰু বিশেষ সম্প্ৰদায়ৰ যুৱ চামক তেওঁলোকৰ সংগঠনত অন্তৰ্ভূক্ত কৰাৰ বাবে লক্ষ্য হিচাপে লৈছে। উল্লেখযোগ্য যে যোৱা ১৮ ডিচেম্বৰত অসম আৰক্ষীৰ এছটিএফে অসমৰ উপৰিও কেৰালা আৰু পশ্চিমবংগৰপৰা মৌলবাদী সন্ত্রাসবাদী সংগঠনটোৰ আঠজন সদস্যক গ্ৰেপ্তাৰ কৰিছিল। গ্ৰেপ্তাৰ কৰা এই সদস্যকেইজনৰ দুজনক পশ্চিমবংগৰ মুৰ্ছিদাবাদ জিলাৰপৰা গ্ৰেপ্তাৰ কৰা হৈছিল।
