সলনি হ'ব জগন্নাথ মন্দিৰ দৰ্শনৰ নিয়ম
দৰ্শনাৰ্থীৰ সুবিধাৰ বাবে ওড়িশা চৰকাৰে জগন্নাথ মন্দিৰ দৰ্শনৰ নিয়ম সলনি কৰিব বিচাৰিছে৷ ওড়িশাৰ আইন মন্ত্রী পৃথিৱীৰাজ হৰিচন্দনে এই কথা সদৰি কৰি কৈছে যে ওড়িশা চৰকাৰে পুৰীৰ জগন্নাথ মন্দিৰৰ দৰ্শনৰ ক্ষেত্ৰত ভক্তক উন্নত সুবিধা প্ৰদানৰ উদ্দেশ্যে এক নতুন ব্যৱস্থা প্ৰৱৰ্তন কৰিব। হৰিচন্দনে কয় যি ১ জানুৱাৰীৰপৰা জগন্নাথ মন্দিৰত ৰাজহুৱা দৰ্শনৰ নতুন ব্যৱস্থা প্ৰৱৰ্তনৰ বাবে চৰকাৰে পদক্ষেপ লৈছে। অহা ২৭ বা ২৮ ডিচেম্বৰৰ ভিতৰত প্রয়োজনীয় কাম সম্পূর্ণ হ'ব। তাৰপাছত, অহা ৩০ আৰু ৩১ ডিচেম্বৰত দুদিনৰ বাবে পৰীক্ষামূলক ভাৱে নতুন ব্যৱস্থা প্ৰৱৰ্তন কৰা হ'ব। নতুন বছৰত দৰ্শনৰ নতুন ব্যৱস্থা সম্পূর্ণৰূপে কাৰ্যকৰী কৰা হ'ব। মন্দিৰলৈ অহা মহিলা, শিশু, বিশেষভাৱে সক্ষম লোক আৰু জ্যেষ্ঠ নাগৰিকৰ বাবেও বিশেষ ব্যৱস্থা কৰা হৈছে৷ নতুন ব্যৱস্থা অনুযায়ী ভক্তসকলে জগন্নাথ মন্দিৰত বৰ্তমানৰ নিৰ্দিষ্ট দুৱাৰেৰে প্ৰৱেশ কৰাৰ বিপৰীতে দুখন বেলেগ বেলেগ দুৱাৰ প্ৰৱেশ আৰু প্রস্থানৰ বাবে ব্যৱহাৰ কৰা হ'ব।
