আকৌ 'অবৈধ স্বামী'ৰ পিছত আৰক্ষী, ৪১৬ জনক গ্ৰেপ্তাৰ

কেইবামাহৰ পিছত বাল্যবিবাহৰ বিৰুদ্ধে পুনৰ ৰাজ্যজুৰি আৰক্ষীৰ অভিযান। শনিবাৰে নিশা ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈ প্ৰায় সকলো থানাৰ আৰক্ষীয়ে ৩৩৫ টা গোচৰ ৰুজু কৰি ৪১৬ বাল্যবিবাহ কৰোৱা লোক আৰু বাল্যবিবাহত জড়িত পৰিয়ালৰ সদস্যক গ্ৰেপ্তাৰ কৰে। 'অবৈধ স্বামী' আৰু পৰিয়ালৰ লোকসকলক আৰক্ষীয়ে লকআপত ভৰোৱাত থানাই-থানাই কোলাত কেচুঁৱা লৈ হাজিৰ হয় নাবালিকা হৈ থাকোঁতেই বিবাহত বহা পত্নীসকল আৰু পৰিয়ালৰ লোক। ধুবুৰী, বিলাসীপাৰা, মানকাচৰ, গোৱালপাৰা, বঙাইগাঁও, বৰপেটা, কামৰূপ, মৰিগাঁও, হোজাই আদিত অধিক সংখ্যক বাল্যবিবাহত জড়িত লোকক আটক কৰে আৰক্ষীয়ে। থানাৰ লকআপত বন্দী স্বামীৰ দুৰ্দশাত থানাবোৰৰ ভিতৰে-বাহিৰে উঠে কন্দোনৰ ৰোল। দেওবাৰে পুৱা মুখ্যমন্ত্ৰী ড৹ হিমন্তবিশ্ব শৰ্মাই নিজৰ এক্স হেণ্ডেলত প্ৰকাশ কৰে যে বাল্যবিবাহৰ বিৰুদ্ধে এয়া আছিল তৃতীয় পৰ্যায়ৰ অভিযান। সামাজিক ব্যাধি বাল্যবিবাহ নিৰ্মূলৰ বাবে এই অভিযান চলি থাকিব বুলিও মন্তব্য মুখ্যমন্ত্ৰীৰ।