অধিক বিলম্ব হ’ব সুনীতা উইলিয়ামছৰ ওভতনি যাত্ৰা

ফেব্ৰুৱাৰী মাহতো ভূপৃষ্ঠলৈ উভতি আহিব নোৱাৰিব মহাকাশচাৰী সুনীতা উইলিয়াছ আৰু বাটছ উইলমোৰ। নাছাই তেওঁলোকক আন্তঃৰাষ্ট্ৰীয় মহাকাশ আস্থানৰপৰা ওভতাই অনাৰ দিন অহা বছৰৰ মাৰ্চ মাহৰ শেষৰ ফালে পুনৰ নিৰ্দ্ধাৰণ কৰিছে। ৮দিনীয়া মহাকাশ অভিযানৰ বাবে যোৱা সুনীতা উইলিয়ামছসহ দুয়োজন মহাকাশচাৰী কাৰিকৰী বিজুতিৰ বাবে অনির্দিষ্ট সময়ৰ বাবে আবদ্ধ হৈ পৰিছে মহাকাশত। উল্লেখ্য যে ২০২৪ চনৰ ৫ জুনত সুনীতা উইলিয়াছ আৰু উইলমোৰক মহাকাশলৈ প্রেৰণ কৰিছিল নাছাই। বয়িঙৰ ষ্টাৰলাইনাৰ জৰিয়তে মহাকাশ অভিযানলৈ যোৱা মহাকাশচাৰী দুজনক স্টাৰলাইনৰ জৰিয়তেই ঘূৰাই অনাৰ কথা আছিল যদিও মহাকাশযানখনত হোবা বিভিন্ন বিজুতিৰ বাবে সেয়া সম্ভৱ নহ’ল৷ নাছাই স্পেচ এক্স কিউ-১০ৰ জৰিয়তে অহা বছৰৰ ফেব্ৰুৱাৰী মাহত দুয়োকে ওভতাই অনাৰ প্ৰস্তুতি চলাইছিল যদিও এয়া আৰু এমাহ বিলম্ব হ’ব৷